NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত আজিৰ পৰা দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা

Posted by: এন ই নাও নিউজ July 8, 2018 5:35 pm
RBKInternationalAcademy

আজিৰ পৰা গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পত থকা দেশভক্ত তৰুনৰাম ফুকন প্ৰেক্ষাগৃহত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা আৰম্ভ হৈছে।

বিশিষ্ট ক্ৰীড়া সাংবাদিক তথা সদৌ ভাৰত ক্ৰীড়া সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক সুবোধ মল্ল বৰুৱাই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন আনুষ্ঠানিক ভাবে মুকলি কৰে।

গুৱাহাটী দবা খেলুৱৈ অভিভাৱক সন্থাই গুৱাহাটী দবা সন্থা আৰু সদৌ অসম দবা সন্থাৰ সহযোগত আয়োজন কৰা প্ৰতিযোগিতাখৰ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী দবা সন্থাৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, অভিভাৱক সন্থাৰ কাৰ্য্যকৰী সভাপতি পাৰ্থ দেৱ গোস্বামী, সাধাৰণ সম্পাদক লাচিত বৰ্মনৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এইবাৰৰ প্ৰতিযোগিতাত অসম তথা উত্তৰ-পুবৰ ৰাজ্যবোৰৰ লগতে হাৰিয়ানা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, তামিলনাডু, হিমাচল প্ৰদেশ, পশ্চিম বংগ, দিল্লী, ছত্তিশগড়, ঝাৰখণ্ড অদি ৰাজ্যৰ পৰা মুঠ ২৫১ জন প্ৰতিযোগীয়ে যোগদান কৰিছে।

এই সকলৰ ভিতৰত ২জন গ্ৰেন্ড মাষ্টাৰ, ২জন ফিডে মাষ্টাৰ আৰু দুজন কমনৱেলথ মাষ্টোৰো আছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আজিৰে পৰা আৰম্ভ হোৱা দবা প্ৰতিযোগিতাখন অহা ১৩ জুলাইত সামৰণি পৰিব।