NORTHEAST NOW (Assamese)

গুৱাহাটীত আবকাৰী বিভাগৰ অভিযানত জব্দ ২৫০ লিটাৰ অবৈধ দেশীয় সুৰা

July 27, 2018 2:16 pm · এন ই নাও নিউজ
Updated: July 27, 2018 10:16 pm

গুৱাহাটী কেন্দ্ৰীয় আবকাৰী বিভাগে তিনিটা পৃথক পৃথক অভিযানত বৃহস্পতিবাৰে মহানগৰখনৰ বিভিন্ন এলেকাত অভিযান চলাই ২৫০ লিটাৰ দেশীয় সুৰা জব্দ কৰে আৰু সেই সুৰাখিনি ধ্বংস কৰি পেলায়।  কামৰূপৰ আবকাৰী আয়ুক্তৰ নিৰ্দেশক্ৰমে এই সুৰা বিৰোধী অভিযানটো চলোৱা হৈছিল। এই অভিযানৰ অংশ হিচাপে আবকাৰী পৰিদৰ্শক অপূৰ্ব দাসৰ নেতৃত্বত বেলতলাত প্ৰথম অভিযানটো চলোৱা হৈছিল। এই অভিযানত ১৫০ লিটাৰ দেশীয় সুৰা জব্দ কৰাৰ লগতে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছিল।

পানীখাইতী এলেকাত চলোৱা আনটো অভিযানত আবকাৰী উপ পৰিদৰ্শক জ্যোতিপ্ৰাণ কুমাৰে অসম আবকাৰী আইন (সংশোধিত)-২০১৮ৰ অধীনত সুৰাপানৰ অভিযোগত তিনিজন লোকক জৰিমণা বিহে।

ফাচী বজাৰৰ ২নং গেটত চলোৱা তৃতীয় অভিযানত আবকাৰী উপ-পৰিদৰ্শক উজ্জ্বল দেৰ নেতৃত্বত ৰে’লপথত চলি থকা সুৰাৰ অবৈধ ঘাটীৰ ওপৰত সুৰা বিৰোধী অভিযান চলোৱা হয়।। এই স্থানত থকা দেশীয় সুৰাৰ অস্থায়ী ঘাটীসমূহত সুৰাপান কৰিয়েই অঞ্চলটোত বহুতো অপ্ৰীতিকৰ ঘটনাৰ সূত্ৰপাত হৈ আহিছিল।

অভিযান কালত এই অস্থায়ী সুৰাৰ ঘাটীকেইটা উৎখাত কৰি দিয়া হয়। আবকাৰী বিভাগৰ এইটো অভিযানত প্ৰায় ১০০ লিটাৰ সুৰা ধ্বংস কৰাৰ লগতে দেশীয় সুৰাৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হয়।

Related News