NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত চলি আছে মিছ ইণ্ডিয়া ২০১৮ৰ বাচনি; উপস্থিত মডেল পূজা চ’প্ৰা

Posted by: এন ই নাও নিউজ March 11, 2018 7:01 pm
গুৱাহাটীত চলি আছে মিছ ইণ্ডিয়া ২০১৮ৰ বাচনি; উপস্থিত মডেল পূজা চ’প্ৰা

গুৱাহাটীত আজি দেওবাৰে অনুষ্ঠিত হৈছে এফবিবি ফেমিনা মিছ ইণ্ডিয়া ২০১৮ৰ বাচনি। এই বাচনি পৰিচালনাৰ বাবে গুৱাহাটীত উপস্থিত হৈছেহি মডেল, অভিনেত্ৰী পূজা চ’প্ৰা।

মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগী বাচিবলৈ অসমৰ গুৱাহাটীৰ উপৰি ছিকিম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়টো এনে বাচনি চলিব।

বাচনিৰ স্থান গুৱাহাটীৰ ভঙাগড়ৰ বিগ বজাৰ চৌহদ।

এই সৌন্দৰ্য্য প্ৰতিযোগিতাত ভাগ ল’বলৈ প্ৰতিযোগী এগৰাকীৰ বয়স ১৮-২৫ বছৰ, উচ্চতা কমেও ৫ ফুট ৫ ইঞ্চি, ভাৰতীয় পাৰপত্ৰধাৰী আৰু অবিবাহিত হ’ব লাগিব।

ফেমিনা মিছ ইণ্ডিয়া ভাৰতৰ এক ৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতা আৰু ইয়াৰ পৰাই প্ৰতি বছৰে মিছ ৱৰ্ল্ড আৰু মিছ য়ুনিভাৰ্ছ প্ৰতিযোগিতালৈ প্ৰতিনিধি বাচনি কৰা হয়। টাইমছ অৱ ইণ্ডিয়া গ্ৰুপে প্ৰকাশ কৰা মহিলা আলোচনী ফেমিনাই এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে।