NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীত নিৰ্মাণ হ’ব ৬৫ মহলীয়া যুৰীয়া অট্টালিকাৰ বাণিজ্য কেন্দ্ৰ

Posted by: এন ই নাও নিউজ January 29, 2018 4:51 pm
twin tower in guwahati

গুৱাহাটীত নিৰ্মাণ হ’ব যুৰীয়া অট্টালিকাৰ এক বাণিজ্য কেন্দ্ৰ।

এই অট্টালিকা নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় ভৱন নিৰ্মাণ নিগম লিমিটেডৰ সৈতে স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তিখনত কালি অনুমোদন জনাই সৰ্বানন্দ সোণোৱাল কেবিনেটে।

এই বাণিজ্য কেন্দ্ৰৰ আৰ্হি ইতিমধ্যে প্ৰস্তুত কৰা হৈছে আৰু এতিয়া অনুমোদনৰ পিছতে ইয়াৰ নিৰ্মাণ আৰম্ভ হ’ব।

ৰাষ্ট্ৰীয় ভৱন নিৰ্মাণ নিগম লিমিটেডক কেন্দ্ৰটো নিৰ্মাণৰ সম্পূৰ্ণ দায়িত্ব দিয়া হৈছে।

মহানগৰীৰ বেলতলাত ৩২ বিঘা মাটিজুৰি এই ৬৫ মহলীয়া যুৰীয়া ভৱনটো নিৰ্মাণ কৰা হ’ব।

ভৱনটোৰ নিৰ্মাণত খৰছ হ’ব ২৫০০ কোটি টকা। ইয়াৰ নিৰ্মাণত ৩০ মাহ সময় লাগিব বুলি অনুমান কৰা হৈছে।

এই বাণিজ্য কেন্দ্ৰটোত বিভিন্ন বাণিজ্যিক আৰু আৰ্থিক কাৰ্য্যালয়, সভাঘৰ, হোটেল, বজাৰ গৃ্হ, চাৰ্ভিচ এপাৰ্টমেণ্ট আদি থাকিব।