NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত প্ৰথম বাৰৰ বাবে প্ৰীমিয়াৰ স্কিলছ ইনিচিয়েটিভ আয়োজন প্ৰীমিয়াৰ লীগ, বৃটিশ্ব কাউন্সিলৰ

Posted by: এন ই নাও নিউজ March 14, 2018 9:13 pm

প্ৰীমিয়াৰ লীগ আৰু বৃটিশ্ব কাউন্সিলে পৰিচালনা কৰা প্ৰীমিয়াৰ স্কিলছ ইনিচিয়েটিভ গুৱাহাটীত প্ৰথম বাৰৰ বাবে আৰম্ভ কৰা হৈছে।

গুৱাহাটীত ইতিমধ্যে ১২ৰ পৰা ১৮ মাৰ্চলৈকে চলি আছে প্ৰীমিয়াৰ স্কিলছৰ প্ৰথম পৰ্য্যায়ৰ প্ৰশিক্ষক শিক্ষণ পাঠ্যক্ৰম।

উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ মুঠ ৬২ গৰাকী তৃণমূলৰ প্ৰশিক্ষক আৰু শাৰীৰিক শিক্ষাৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে।

অংশগ্ৰহণকাৰীসকলে নিজাববীয়াকৈ সামূহিক ফুটবল প্ৰকল্প বিকাশ কৰিব পৰাকৈ প্ৰীমিয়াৰ স্কিলছ প্ৰশিক্ষকসকলে অংশগ্ৰহণকাৰীসকলক প্ৰশিক্ষণ দিব।

প্ৰীমিয়াৰ লীগ প্ৰশিক্ষক জেৰেমি ৱীকছে গুৱাহাটীৰ এই পাঠ্যক্ৰমৰ নেতৃত্ব দিছে। তেওঁক সহযোগিতা কৰিছে য়ু কে’ৰ ক্লাব প্ৰশিক্ষক টতেনহাম হটস্পাৰ ফাউণ্ডে’চনৰ আইজাক হেমন্দ আৰু মানচেষ্টাৰ চিটি ফুটবল ক্লাবৰ ফাউণ্ডে’চন চিটি ইন দ কমিউনিটিৰ নিয়াম নলানে।