NORTHEAST NOW (Assamese)

গুৱাহাটীত ’সৌৰ শক্তি চালিত মূধচৰ প্ৰসাৰ’ বিষয়ক কৰ্মশালা

April 19, 2018 10:40 am · এন ই নাও নিউজ

গুৱাহাটীত ১৯ আৰু ২০ এপ্ৰিল তাৰিখে অসম শক্তি উন্নয়ন সংস্থাৰ সহযোগত পেচ-ডি কাৰিকৰী সাহায্য আঁচনিয়ে সৌৰ শক্তি পৰিচালনা সম্পৰ্কীয় এখন কৰ্মশালাৰ আয়োজন কৰিছে।

সৌৰ মূধচ কাৰ্যসূচী প্ৰথমবাৰৰ বাবে অসমত আৰম্ভ কৰা হৈছে আৰু ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি তথা সঠিক দিশেৰে আগবাঢ়িবলৈ পুনৰ উৎপাদনক্ষম শক্তিৰ ব্যৱহাৰৰ বিষয়ে এক জন সজাগতা সৃষ্টি কৰাৰ প্ৰচেষ্টা লোৱা হৈছে।

এনেধৰণে অসমৰ ৰাজ্যিক পৰ্যায়ত সৌৰ চালিত মূধচৰ বাবে চাহিদা সৃষ্টি কৰাৰ ক্ষেত্ৰত কেনেকৈ সংহত প্ৰচাৰ অভিযান চলাব লাগিব সেই বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই কৰ্মশালাখনৰ আয়োজন কৰা হৈছে।

গুৱাহাটীৰ পানবজাৰত থকা ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰ্ছৰ (ইণ্ডিয়া), অসম ৰাজ্যিক কেন্দ্ৰৰ কনফাৰেনস হলত কৰ্মশালাখন অনুষ্ঠিত হ’ব। ১৯ আৰু ২০ এপ্ৰিলৰ দুয়ো দিনাখনেই ৰাতিপুৱা ৯-৩০ বজাৰ পৰা কৰ্মশালাৰ কাৰ্যসূচী আৰম্ভ হ’ব।

এক আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে।

Related News