NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ অসম আভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত আগবঢ়োৱা হ’ব অতিৰিক্ত সুৰক্ষা

Posted by: এন ই নাও নিউজ February 27, 2018 1:35 pm
250px-Assam_Engineering_College_Logo-570x320

অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আভিযান্ত্ৰিক মহাবিদ্যালয় শিক্ষক সংস্থা, মহাবিদ্যালয় ছাত্ৰ সন্থা আৰু অসম আভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাই মহাবিদ্যালয়খনৰ অধ্যক্ষৰ সৈতে চৌহদটোক সুৰক্ষিত কৰা আৰু ছাত্ৰৰ দ্বাৰা ভৱিষ্যতে অবাঞ্চনীয় ঘটনা প্ৰতিৰোধ কৰাৰ বাবে চৌহদৰ ভিতৰত অতিৰিক্ত সুৰক্ষা ব্যৱস্থা নিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

গুৱাহাটীৰ জালুকবাৰী অঞ্চলত এখন বিবাহস্থলীত অশোভনীয় আচৰণ, লণ্ডভণ্ড কৰা আৰু লুটপাত কৰাৰ অভিযোগত বুধবাৰে আভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ ৯ জন ছাত্ৰক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

‘’ চৌহদটো অত্যন্ত জৰাজীৰ্ণ আৰু ইয়াত কেইবাটাও প্ৰৱেশ তথা প্ৰস্থানৰ পথ আছে। এইটোৱে চৌহদৰ বাহিৰৰ পৰা আৰু ভিতৰৰ পৰা এই প্ৰৱেশ তথা প্ৰস্থান পথেৰে সঘনে অহা যোৱা কৰি থকা অকৰ্তৃত্বশীল গতিবিধি ধৰা পেলোৱাটা সুৰক্ষা বাহিনীৰ বাবে অতি জটিল বুলি প্ৰমানিত হৈছে,’’-শিক্ষক, ছাত্ৰ আৰু মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰসকলে সংবাদ মাধ্যমক এক যৌথ বিবৃতিত এইদৰে কয়।

তেওঁলোকে লগতে কয় যে, ‘’ অতিৰিক্ত সুৰক্ষা প্ৰয়োগ কৰাৰ পিছত মহাবিদ্যালয় চৌহদটোত ভৱিষ্যতে অকৰ্তৃত্বশীল প্ৰৱেশ আৰু প্ৰস্থান ৰোধ কৰিবলৈ উপযুক্ত সুৰক্ষা ব্যৱস্থাই সতৰ্ক দৃষ্টি ৰাখিব।‘’

মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰসকলে বাৰে বাৰে দাবী কৰি আহিছে যে মহাবিদ্যালয় চৌহদত বাহিৰৰ লোকৰ অকৰ্তৃত্বশীল অহা যোৱা বন্ধ কৰিবৰ বাবে সকলো পিনৰ পৰা চৌহদটো বন্ধ কৰিব লাগে আৰু উন্নত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগে।