NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ কুমাৰপাৰাত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড, হতাহত নাই

Posted by: কল্পজ্যোতি শইকীয়া April 20, 2018 6:57 pm
fire at kumarpara, guwahati

গুৱাহাটীৰ কুমাৰপাৰা পাঁচআলিত আজি ২০ এপ্ৰিলৰ পুৱা ১০:৪০ মান বজাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডটোৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি আৰক্ষী সূত্ৰই জনাইছে।

তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই পাঁচআলিৰ ৬ নং গে’টত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় বুলি জনাইছে আৰক্ষীয়ে।

অগ্নি নিৰ্বাপক বাহিনীৰ সূত্ৰই আমাক জানিবলৈ দিয়া মতে পাণবজাৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্য্যালয়ৰ পৰা অহা ৪ খন গাড়ী আৰু চানমাৰি-পাণ্ডুৰ পৰা অহা ২ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে প্ৰায় ১ ঘন্টা জোৰা চেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয়।

ভৰলুমুখ আৰক্ষী থানাৰ আৰক্ষী সূত্ৰই জনোৱা অনুসৰি বৰভূঞা কমপ্লেক্সৰ ওপৰত ভাৰাতীয়া হিচাপে থকা পাওভাজি-ফুচকা বিক্ৰী কৰা লোক এজনৰ কোঠাত চিলিণ্ডাৰ বিস্ফোৰণ হৈ ওপৰত থকা আটাইকেইটা কোঠাতে জুয়ে আগুৰি ধৰে। ওপৰ মহলাত টিঙৰ চালি দিয়া, চটাই বেৰৰ আটাইকেইটা কোঠাই জুইত জাহ যায়।

জানিব পৰা মতে এই কমপ্লেক্সৰ স্বত্বাধিকাৰী ৰাজিবুৰ বৰভূঞা আৰু আছমা বৰভূঞা।