NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ চহিদ ন্যাসত সভাৰ আয়োজন অসম জুনিয়ৰ কলেজ শিক্ষক-কৰ্মচাৰী সন্থাৰ

Posted by: এন ই নাও নিউজ July 8, 2018 9:58 pm
গুৱাহাটীৰ চহিদ ন্যাসত সভাৰ আয়োজন অসম জুনিয়ৰ কলেজ শিক্ষক-কৰ্মচাৰী সন্থাৰ

অসম জুনিয়ৰ কলেজ শিক্ষক-কৰ্মচাৰী সন্থাভুক্ত জুনিয়ৰ কলেজসমূহৰ অধ্যক্ষ আৰু কাৰ্য্যনিৰ্বাহকৰ এখন যুটীয়া সভা অহা ১৩ জুলাইত গুৱাহাটীৰ চহিদ ন্যাসত অনুষ্ঠিত হ’ব।

দিনৰ ১১ বজাৰ পৰা হ’বলগা সভাখনত সপ্তম দৰমহা আয়োগৰ আঁসোৱাহ সমিতিৰ প্ৰতিবেদন, চাকৰিৰ নিগাজীকৰণ আৰু পেঞ্চন, শিক্ষামন্ত্রীৰ লগত হোৱা সাক্ষাৎ, প্ৰাদেশিকীকৰণ, আন্তঃ গাঁথনি, উচ্চ বৰ্গৰ সহায়কৰ পদোন্নতি আদি সম্পৰ্কত আলোচনা হ’ব।

সভাখনত সন্থাৰ অন্তৰ্গত সমূহ জুনিয়ৰ কলেজসমূহৰ অধ্যক্ষ আৰু কাৰ্য্যনিবাহক সদস্যসকলৰ উপস্হিতি কামনা কৰিছে সম্পাদক উৎপল চক্ৰবৰ্ত্তীয়ে।