NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ পাৰ্কত খুলিব জিম; ঘোষণা জি এম ডি এ’ৰ মুখ্য বিষয়া অংগমুথুৰ

Posted by: এন ই নাও নিউজ March 18, 2018 6:11 pm
woman-exercising-at-openair gym

শ্ৰদ্ধাঞ্জলি কানন, নেহৰু পাৰ্ক আৰু শংকৰদেৱ উদ্যানকে ধৰি জি এম ডি এ’ (GMDA)ই চোৱাচিতা কৰা গুৱাহাটীৰ আটাইবিলাক প্ৰধান উদ্যানতে মুকলি ব্যায়ামাগাৰ (Open-air Gym) খোলা হ’ব। এই কথা ঘোষণা কৰিছে জি এম ডি এ’ৰ মুখ্য কাৰ্য্যবাহী বিষয়া এম অংগমুথুৱে।

অহা তিনি মাহৰ ভিতৰত এই ব্যায়ামগাৰসমূহ আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰি অংগমুথুৱে কয় যে মহানগৰখনৰ বাবে এলানি উন্নয়নমূলক কাৰ্য্যসূচী লোৱা হ’ব।

অৱশ্যে এই জিমসমূহত ব্যায়াম কৰিবৰ বাবে নাগৰিকসকলে কিমান টকা ভৰিব লাগিব নে ই বিনামূলীয়া হ’ব সেয়া বিষয়াজনে জনোৱা নাই।

জজ ফিল্ড, সোণাৰাম ফিল্ড আৰু গান্ধী মণ্ডপৰ লগতে মহানগৰৰ মহাত্মা গান্ধী পথত যোৱা বছৰ মুকলি কৰা খোজ কঢ়া এলেকা (Walking Zone)ৰ বিকাশ সাধনো উন্নয়নমূলক কাৰ্য্যসূচীয়ে সামৰি ল’ব।

তেওঁ লগতে জনাই যে ভঙাগড় ফ্লাই অ’ভাৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হৈ সৰ্বশিক্ষা কাৰ্য্যালয়, জু তিনিআলিৰ পৰা নাৰেংগী, ছয়মাইলৰ পৰা কলাক্ষেত্ৰলৈকে আৰু খানাপাৰাৰ পৰা জয়ানগৰলৈকে পথবিলাকৰ সৌন্দৰ্য্য সাধন কৰা হ’ব।

জি এম চিৰ লগ হৈ জি এম ডি এ’ই গুৱাহাটীৰ আলোকীকৰণ, পৰিস্কাৰকৰণ আৰু য’তে-ত’তে থকা বিজ্ঞাপনৰ হ’ৰ্ডিংসমূহ আঁতৰোৱাৰ ব্যৱস্থাও লোৱা হ’ব।