NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ পৰা দিল্লী অভিমুখী বিমানৰ শৌচালয়ত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ July 25, 2018 10:32 pm

সততে পদপথত তথা ৰাস্তাৰ কাষৰ জাৱৰ দ’মত নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পৰিৱৰ্তে আজি গুৱাহাটীৰ পৰা দিল্লী অভিমুখী এখন বিমানত নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে আজি দুপৰীয়া ১২.৫০ মিনিটত গুৱাহাটীৰ পৰা দিল্লী অভিমুখে এয়াৰ এছিয়াৰ এখন বিমান উৰা মাৰিছিল। আৰু বিমানখনে দিল্লীত অৱতৰণ কৰাৰ পিছতে বিমানখনৰ শৌচালয়ৰ পৰা এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ হয়।

আনহাতে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত বিমানত অহা মহিলা যাত্ৰী সকলৰ লগত সোধপোছ কৰাৰ অন্তত ইম্ফলৰ পৰা অহা এগৰাকী মহিলাক আটক কৰে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

ইতিমধ্যে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে।

আনহাতে এয়াৰএছিয়াৰ এক বিবৃতি অনুসৰি তেওঁলোকে এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ সৈতে পূৰ্ণ সহোযগিতা আগবঢ়াব।