NORTHEAST NOW (Assamese)

গুৱাহাটী আই আই টিত আৰম্ভ হৈছে ৰিছাৰ্চ কনক্লেভ

March 10, 2018 1:37 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

গুৱাহাটীৰ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত শুকুৰবাৰৰ পৰা চতুৰ্থ বাৰ্ষিক ৰিছাৰ্চ কলক্লেভ আৰম্ভ হৈছে । ৰিছাৰ্চ কলক্লেভত দেশ-বিদেশৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰ বাবে গুৱাহাটী আই আই টিৰ পৰিৱেশ আকৰ্ষণীয় হৈ পৰিছে।

বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিজ্ঞান গৱেষণাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চতুৰ্থবাৰৰ বাবে অনুষ্ঠিত কৰা ৰিছাৰ্চ কনক্লেভত এইবাৰ ৰাজ্যৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা ৪৫০গৰাকী, ভাৰতবৰ্ষৰ অন্যান্য শিক্ষানুষ্ঠানৰ পৰা ৬০০ গৰাকী, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে  ৮০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিছে।

আই আই টি গুৱাহাটীৰ ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু চিভিল ইঞ্জিনীয়াৰিঙৰ অত্যাধুনিক বিজ্ঞানাগাৰবোৰ পৰিদৰ্শন কৰি দেশ-বিদেশৰ লগতে অসমৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা  ছাত্ৰ-ছাত্ৰীসকল অভিভূত হৈ পৰে।

তাৎপৰ্যপূৰ্ণভাৱে, ৰামায়ণ মহাকাব্যৰ ‘ৰামসেতু’ৰ ওপৰত চলি অহা আধ্যাত্মিক ব্যাখ্যাৰ বিপৰীতে আই আই টি গুৱাহাটীৰ চিভিল  ইঞ্জিনীয়াৰিঙৰ বিজ্ঞানীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ আগত কয় যে সেয়া আছিল চিভিল ইঞ্জিনীয়াৰিঙৰ অৱদান।

সাগৰত এতিয়াও ‘ৰামসেতু’ৰ অস্তিত্ব পোৱা যায় বুলি আই আই টি গুৱাহাটীৰ বিজ্ঞানীয়ে মত প্ৰকাশ কৰে।

৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰিছাৰ্চ কলক্লেভত বহুকেইগৰাকী বিজ্ঞানীয়ে অংশগ্ৰহণ কৰাৰ লগতে শনিবাৰে আই আই টি গুৱাহাটীলৈ আহিব অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং। অৰণ্য মানৱ যাদৱ পায়েঙে এটি গছপুলি ৰোপন কাৰ্যসূচীত অংশ ল’ব।

Related News