NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় : তথ্যৰ ডিজিটাইজে’শ্যন নোহোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া কংগ্ৰেছ, বুদ্ধিজীৱীৰ

Posted by: অনিৰ্বাণ পাঠক July 22, 2018 11:40 pm
GMCH assam

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ তথ্য আজিকোপতি ডিজিটাইজ নোহোৱা সন্দৰ্ভত নৰ্থ ইষ্ট নাও-ত প্ৰকাশিত বাতৰিৰ পিছতে বিৰোধী কংগ্ৰেছে প্ৰতিক্ৰিয়া কৰাৰ লগতে বিষয়টো গুৰুত্বপূৰ্ণ বুলি স্বীকাৰ কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াই।

মোদীৰ ডিজিটেল ইণ্ডিয়াৰ প্ৰসংগৰ উল্লেখেৰে ‘বিজেপিৰ কথা আৰু কামৰ মাজত বহুত পাৰ্থক্য আছে’ বুলি দাবী কৰি অসম প্ৰদেশ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে কয় ‘তেওঁলোকে ডিজিটেল টেকনলজী ব্যৱহাৰ কৰিছে ভাৰতবৰ্ষত অপপ্ৰচাৰ কৰিবলৈ, সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ। কিন্তু ভাল কামত তেওঁলোকে ডিজিটেল টে’কনলজি কেতিয়াও ব্যৱহাৰ কৰা নাই।’

ইয়াৰ উপৰিও তেওঁ কয় যে বিজেপি চৰকাৰে ডিজিটেল ইণ্ডিয়া, স্কিল ইণ্ডিয়া, মে’ক ইন ইণ্ডিয়াকে ধৰি বিভিন্ন ধৰণৰ জনপ্ৰিয় শ্ল’গান দিছে কিন্তু তাৰ বিপৰীতে আধুনিক প্ৰযুক্তিক ভেঙুচালি কৰি গোমূত্ৰ খোৱা, গণেশৰ মূৰৰ প্লাষ্টিক চাৰ্জাৰি, মহাভাৰতৰ যুগত ইন্টাৰনে’ট আদি স্ব-বিৰোধী কথাও কৈ আছে।

বিজেপিয়ে অশান্তি বিয়পোৱা আৰু নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণেহে ডিজিটেল টে’কনলজিৰ ব্যৱহাৰ কৰা বুলি মন্তব্য কৰে। তেওঁ কয়, ‘বিজেপিয়ে ডিজিটেল টে’কনলজি ব্যৱহাৰ কৰি ২০১৯ চনৰ নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ ১০ লাখ ‘চাইবাৰ সেনা’ নিয়োগ কৰিছে। চাইবাৰ সেনাৰ কাম হৈছে অপপ্ৰচাৰ কৰা, কংগ্ৰেছৰ বিৰুদ্ধে কুৎসা ৰচনা কৰা, সাম্প্ৰদায়িকতা বিয়পোৱা। ডিজিটেল টে’কনলজি তেওঁলোকে ব্যৱহাৰ কৰিছে হিংসা বিয়পাবলৈ। কিন্তু আচৰিত কথা তেওঁলোকে চিকিৎসা মহাবিদ্যালয়ত জনসাধাৰণৰ হিতৰ কাৰণে ডিজিটেল টে’কনলজি ব্যৱহাৰ কৰা নাই।’

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত তথ্যৰ ডিজিটাইজে’শ্যন নোহোৱাটো ‘দুৰ্ভাগ্যজনক’ বুলি মন্তব্য কৰি শিক্ষাবিদ ড০ দীনেশ বৈশ্যই কয় ‘চৰকাৰে কেৱল আমোলা-বিষয়া সকলৰ কাৰণে টকা খৰচ কৰি আছে, কিন্তু প্ৰয়োজনীয় কামখিনিয়ে কৰিব পৰা নাই। কেৱল তথ্য-প্ৰযুক্তিৰ ডিজিটাইজেচনেই নহয়, গোটেই ব্যৱস্থাই ডিজিটাইজ হ’ব লাগে। চিকিৎসাৰ লগত জড়িত বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ সকলো তথ্য ডিজিটেল পদ্ধতিৰেই উপলব্ধ হ’ব লাগে।’

আনহাতে উত্তৰ-পূবৰ বৃহত্তম চিকিৎসালয়্খনৰ তথ্যৰ ডিজিটাইজে’শ্যন নোহোৱাটো ‘গুৰুত্বপূৰ্ণ বিষয়’ বুলি স্বীকাৰ কৰিছে স্বয়ং অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই। ‘এইটো অতি গুৰুত্বপূৰ্ণ বিষয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় অসমৰ সকলোতকৈ ডাঙৰ চিকিৎসালয়, গতিকে তথ্য-পাতিৰ ডিজিটাইজেচনৰ ব্যৱস্থা হ’ব লাগে,’ শীৰ্ষ বিষয়াগৰাকীৰ নৰ্থ ইষ্ট নাও-ত মন্তব্য।

বিষয়াজনে বিষয়টো সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি শীঘ্ৰে ডিজিটাইজে’শ্যনৰ ব্যৱস্থা কৰাৰ কথাও নৰ্থ ইষ্ট নাও-ৰ আগত প্ৰকাশ কৰে।

‘মই এই বিষয়ত খবৰ ল’ম। গুৱাহাটীত এই ব্যৱস্থা সোনকালে কৰিব লাগে। শিলচৰ চিকিৎসা মহাবিদ্যালয়ত আমি ডিজিটাইজ কৰিছো, কিন্তু গুৱাহাটীত আমি কৰিব পৰা নাই,’ জনালে সিনহাই।

দেশৰ সকলো চিকিৎসা তথ্য ডিজিটাইজ কৰিবৰ বাবে ভাৰত চৰকাৰৰ এটা প্ৰকল্পও থকা বুলি জনাই সিনহাই।