NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী পৌৰ নিগমৰ স্বছ সৰ্বেক্ষণ ২০১৮ ৰ শুভাৰম্ভ

Posted by: এন ই নাও নিউজ December 28, 2017 7:34 pm
গুৱাহাটী পৌৰ নিগমৰ স্বছ সৰ্বেক্ষণ ২০১৮ ৰ শুভাৰম্ভ

গুৱাহাটী টাউন ক্লাবত আজি গুৱাহাটী পৌৰ নিগমে ইয়াৰ স্বছ সৰ্বেক্ষণ ২০১৮ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উদ্বোধনী অনুষ্ঠানত মেয়ৰ মৃগেন শৰণীয়া, পৌৰ আয়ুক্ত মনালিছা গোস্বামী, অভিনেতা কপিল বৰা আৰু সৰুপৰ্দাৰ অভিনেত্ৰী সাগৰিকা গোস্বামী উপস্থিত থকে। স্বছ ভাৰত অভিযানৰ অংশ হিচাপে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগে স্বছ সৰ্বেক্ষণ ২০১৮ কাৰ্যসূচী পৰিচালনা কৰিছে। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে মহানগৰ সমূহৰ নগৰীয়া অনাময় ব্যৱস্থা উন্নতি সাধন কৰা। ইয়াৰ লগতে নগৰসমূহ পৰিস্কাৰ কৰি তোলাৰ উদ্দেশ্যেৰে এই কাৰ্যসূচীয়ে নাগৰিক সুবিধা প্ৰদানৰ ক্ষেত্ৰত চহৰ-নগৰসমূহৰ মাজত এক সুস্থ প্ৰতিযোগিতাৰ পৰিৱেশো গঢ়ি তুলিব খোজে। আজিৰ কাৰ্যসূচীত পৌৰ আয়ুক্ত মনালিছা গোস্বামীয়ে উপস্থিত ৰাইজক স্বচ্ছতা এপটোৰ বিষয়ে সদৰী কৰে। উল্লেখযোগ্য যে এই এপটোৰ যোগেদি নাগৰিক সকলে তেওঁলোকৰ সমস্যাসমূহ পঞ্জীয়ন কৰিব পাৰিব আৰু কৰ্তৃপক্ষই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তৎকালে সমস্যা সমাধানৰ বাবে বিহিত ব্যৱস্থা হাতত ল’ব।