NORTHEAST NOW (Assamese)

গুৱাহাটী প্ৰে’ছ ক্লাবত অহা শনিবাৰে সেৱা আগবঢ়াব দাঁত বিশেষজ্ঞ ডঃ বীৰেন্দ্ৰ নাথ পাটগিৰীয়ে

February 20, 2018 5:58 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটীৰ দাঁত বিশেষজ্ঞ ডঃ বীৰেন্দ্ৰ নাথ পাটগিৰীয়ে অহা ২৩ ফেব্ৰুৱাৰিত আবেলি ৩ বজাৰ পৰা ৬ বজালৈ গুৱাহাটী প্ৰে’ছ ক্লাবত হ’ব লগা সাপ্তাহিক অ’পিডি ক্লিনিকত সেৱা আগবঢ়াব।

সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে এই মীডিয়া ক্লিনিকটোত তেওঁলোকৰ দাঁতৰ সমস্যাসমূহ সম্পৰ্কে বিনামূলীয়াকৈ চিকিৎসকগৰাকীৰ পৰামৰ্শ আৰু প্ৰাৰম্ভিক চিকিৎসা ল’ব পাৰিব।

যোৱা শনিবাৰে এই ‘চিকিৎসকৰ সৈতে এসন্ধ্যা’ (Evening with a Doctor) শীৰ্ষক এই ক্লিনিকটোত অংশগ্ৰহণ কৰিছিল গুৱাহাটীৰ বৰঠাকুৰ ক্লিনিকৰ ই- এন- টি বিশেষজ্ঞ ডঃ বিথি বৰদলৈয়ে।

গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।

Related News