NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটী প্ৰে’ছ ক্লাবৰ চিনাকি মুখ বয়োজ্যেষ্ঠ সাংবাদিক দয়া নাথ সিং আৰু নাই

Posted by: এন ই নাও নিউজ January 28, 2018 9:16 pm
Sigh-Da-Press-Club

গুৱাহাটী প্ৰে’ছ ক্লাবত চিৰ বিদ্যমান, প্ৰে’ছ ক্লাবৰ চিনাকি মুখ, সকলো সাংবাদিকৰ ‘সিং দা’ বয়োজ্যেষ্ঠ সাংবাদিক দয়া নাথ সিং আৰু নাই। আজি আবেলি গুৱাহাটীত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

সিঙে যোৱা ১৫ বছৰ গুৱাহাটী প্ৰে’ছ ক্লাবৰ কাৰ্য্যালয় সম্পাদক হিচাপে সেৱা আগবঢ়াই আহিছিল।

কিছু দিন অসুস্থ হৈ থকা সিঙৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮২ বছৰ।

নিউজ স্তাৰ, নিউজ ফ্ৰন্ত, নৰ্থ ইষ্ট দেইলি আদি কাকতৰ লগত এসময়ত জড়িত সিঙে শেহতীয়াকৈ ইস্তাৰ্ন পেন’ৰামা, মেৰি নিউজ, আছাম টাইমছ আদিক বাতৰিনিৰ্ভৰ প্ৰবন্ধ যোগান ধৰি আহিছিল।

বিহাৰত জন্ম গ্ৰহণ কৰা সিঙে মৃত্যুৰ সময়ত তেওঁৰ পত্নী, ৫ গৰাকী ছোৱালীকে ধৰি বহু সংখ্যক আত্মীয় স্বজনক এৰি থৈ গৈছে।

কাইলৈ তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পূৰ্বে পুৱা ১০.৩০ বজাত প্ৰে’ছ ক্লাব চৌহদত তেওঁলৈ সাংবাদিকসকলে শ্ৰদ্ধাঞ্জলি জনাব।

সিঙৰ মৃত্যুত গুৱাহাটী প্ৰে’ছ ক্লাবৰ লগতে সদৌ অসম ফট’ সাংবাদিক সংস্থা, সাংবাদিক ফ’ৰাম অসম, ইলে’কট্ৰনিক সাংবাদিক ফ’ৰাম অসম আৰু উত্তৰ-পূৰ্বাঞ্চল কৰ্মৰত সাংবাদিক সংস্থাই গভীৰ শোক প্ৰকাশ কৰিছে।