NORTHEAST NOW (Assamese)

গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ ১৬ মে’ৰ দিনটো প্ৰতাৰণা দিৱস হিচাপে পালন : মোদীক মিছলীয়া আখ্যা

May 16, 2018 5:36 pm · এন ই নাও নিউজ

গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই আজি অৰ্থাৎ বাংলাদেশীয়ে টালি-টোপোলা বন্ধাৰ বাবে মোদীয়ে ধাৰ্য্য কৰা ১৬ মে’ৰ দিনটো প্ৰতাৰণা দিৱস হিচাপে পালন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে। লগতে সংগঠনটোৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক মিছলীয়া আখ্যা দিয়ে।

উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বে ১৬ মে’ৰ ভিতৰত থকা অসমত থকা সকলো বাংলাদেশীয়ে টালি-টোপোলা বান্ধি অসমৰ পৰা যাব লাগিব বুলি কৈছিল। কিন্তু নিৰ্বাচনৰ পিছতে বাংলাদেশীক খেদি পঠিওৱাৰ বিপৰীতে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ জৰিয়তে বাংলাদেশীক সংস্থাপন কৰিব বিচৰা বুলি অভিযোগ উত্থাপন কৰি গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে সংগঠনটোৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক স্পষ্ট কৰি চৰকাৰে অসমৰ অসমীয়া জাতি ধ্বংসী কোনো ধৰণৰ কাৰ্যত লিপ্ত হয় তেন্তে শান্ত অসম অশান্ত হ’বলৈ বেছি সময় নালাগিব বুলি সকীয়নি প্ৰদান কৰে।

লগতে সংগঠনটোৱে জাতি, মেটি আৰু ভেটি ৰক্ষাৰ কথা কোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই ক্ষেত্ৰত অতি শীঘ্ৰে স্থিতি স্পষ্ট কৰিবলৈও আহ্বান জনায়।

Related News