NORTHEAST NOW (Assamese)

গোলাঘাটৰ বগীঢলা চাহ বাগিচাত শ্ৰমিকক গুলীওৱাৰ অভিযোগত অভিযুক্ত মালিক দুজনক জামিন প্ৰদান উচ্চ ন্যায়ালয়ৰ

January 29, 2018 5:51 pm · এন ই নাও নিউজ
অভিযুক্ত সুধীৰ আৰু সমীৰ ৰয়

গোলাঘাটৰ বগীঢলা চাহ বাগিচাত শ্ৰমিকৰ ওপৰত গুলী চলোৱা বাগান মালিক দুজনক গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি জামিন প্ৰদান কৰিছে।

প্ৰৱিদেণ্ট ফাণ্ডৰ ধনক লৈ প্ৰতিবাদ কৰা বাগান খনৰ শ্ৰমিক সকলৰ ওপৰত ১৩ ডিচেম্বৰত মালিক সুধীৰ আৰু সমীৰ ৰয়ে গুলী চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

ঘটনাটোত ৯ জন লোকৰ দেহত গুলী লাগিছিল। আহত ১৪ জন লোকৰ ৮ জনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল।

ঘটনাটোক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ হৈছিল।

শ্ৰমিকসকলে অভিযোগ কৰিছিল যে মালিক পক্ষই ১২ ডিচেম্বৰত তেওঁলোকক বনাচৰ ধন দিয়াৰ কথা আছিল। কিন্তু ধন আদায় নিদিয়াৰ বাবে পিছদিনা ১৩ ডিচেম্বৰত তেওঁলোকে মালিকৰ বাংলো ঘেৰাও কৰিছিল।

Related News