NORTHEAST NOW (Assamese)
অসম

গোসাঁইগাঁৱত এন ডি এফ বি এছৰ ছাৰ্জেণ্ট মেজৰ সংঘৰ্ষত নিহতঃ

Posted by: ৰিনয় বসুমতাৰী December 14, 2017 11:06 am
গোসাঁইগাঁৱত এন ডি এফ বি এছৰ ছাৰ্জেণ্ট মেজৰ সংঘৰ্ষত নিহতঃ

যোৱা নিশা ভাৰত ভূটান সীমান্তৰ ডুমবজাৰত নিৰাপত্তা ৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এন ডি এফ বিৰ সংবিজিত গোটৰ ছাৰ্জেণ্ট মেজৰ ছোহেটান নাৰ্জাৰী  ওৰফে চানদাও নিহত হয়। কালি নিশা  কোকৰাঝাৰ জিলা আৰক্ষী অধিক্ষককৰ নেতৃত্বত  যোৱা এক নিৰাপত্তা বাহিনীৰ দলে চৰাই বিল আৰক্ষী চকীৰ অন্তৰ্গত ডুমবজাত এক অভিযান চলায় ।উক্ত অভিযানৰ সময়তে নিৰাপত্তা বাহিনীৰ সৈতে এন ডি এফ বিৰ সংবিজিত গোটৰ লগত  সংঘৰ্ষৰ সূত্ৰপাত হয় । দীৰ্ঘ সময় ধৰি  চলা সংঘৰ্ষৰ পাছত নিৰাপত্তা বাহিনীয়ে সংঘৰ্ষস্হলীৰ পৰা  সংগঠনটোৰ মোষ্ট ৱাণ্টেড  পশ্চিমজুৰ কামাণ্ডৰ ছোহেটান নাৰ্জাৰী ওৰফে চানদাওৰ মৃতদেহ উদ্ধাৰ কৰে ।পাছত নিৰাপত্তা ৰক্ষীয়ে ঘটনাস্হলীৰ পৰা এটা এ কে ৫৬ ৰাইফল, বহুতো অস্ত্ৰ-সস্ত্ৰৰ উপৰি বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।