গৌৰীপুৰত আছুৰ কাৰ্যালয়ত অগ্নিসংযোগ: আজি সাব্যস্ত কৰিব প্ৰতিবাদ
ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰত অৱস্থিত গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বৃহস্পতিবাৰে পুৱতি নিশা কোনো অচিনাকি দুৰ্বৃত্তই অগ্নি সংযোগ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰায় ৫ মান বজাত নন্দেশ্বৰ ৰায় নামৰ স্থানীয় লোকজনে আছুৰ কাৰ্যালয়টোৰ পৰা ধোৱা ওলোৱা প্ৰত্যক্ষ কৰি আছুৰ কৰ্মীক খবৰ দিয়ে। ধুবুৰী জিলা আছুৰ সাধাৰণ সম্পাদকসহ সংগঠনটোৰ এটা দলে আৰক্ষীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয়।
দলটোৱে সন্দেহ প্ৰকাশ কৰে যে দুৰ্বৃত্তই তলা ভাঙি কাৰ্যালয়টোৰ ভিতৰত প্ৰৱেশ কৰি তেলজাতীয় সামগ্ৰীৰ সহায়ত সম্ভৱত: ঘৰটোত অগ্নিসংযোগ কৰিছিল। কাৰ্যালয়টোৰ ভিতৰৰ দেৱালত প্ৰতিমা বৰুৱা পাণ্ডে, জ্যোতিপ্ৰসাদ আগৰৱালা, ড০ ভূপেন হাজৰিকা, মামনি ৰয়চম গোস্বামী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আদি বৰেণ্য ব্যক্তিসকলৰ ফটো ওলোমাই থোৱা আছিল।
কাৰ্যালয়টোত চকী-মেজ, খেলৰ সা-সামগ্ৰী, আলমাৰি আদি মূল্যবান আচবাব পত্ৰও আছিল। অগ্নিকাণ্ডৰ ফলত এই সকলোবোৰ জ্বলি ভস্মীভূত হয়।
গৌৰীপুৰ আৰক্ষীয়ে দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী লগাই অগ্নি নিৰ্বাপন কৰে।
ধুবুৰী জিলা আছু, গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যৰ লগতে আছুৰ কেন্দ্ৰীয় নেতাই ঘটনাৰ প্ৰতিবাদত কাৰ্যালয়টোৰ সন্মুখত ক’লা বেজ পৰিধান কৰি অৱস্থান ধৰ্মঘট পালন কৰে।
আছুৰ কৰ্মীসকলে ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক শীঘ্ৰেই আটক কৰি কঠোৰ শাস্তি বিহাৰ দাবীত জোঁৰ সমদল উলিয়ায়।
গৌৰীপুৰত আছুৰ কাৰ্যালয়ত অগ্নি সংযোগৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিছে বিভিন্ন দল সংগঠনে।
আনহাতে, আছুৰ কাৰ্যালয়ত অগ্নিসংযোগৰ ঘটনাত জড়িত দোষীক শীঘ্ৰেই কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে।
আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত আছুৰ এটি প্ৰতিনিধি দল গৌৰীপুৰলৈ যাব।