NORTHEAST NOW (Assamese)
অসম

গৌৰীসাগৰত পথ দুৰ্ঘটনাত দুজন গুৰুতৰভাৱে আহত

Posted by: ৰাজীৱ দত্ত December 4, 2017 4:05 pm
গৌৰীসাগৰত পথ দুৰ্ঘটনাত দুজন গুৰুতৰভাৱে আহত

কালি শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী চকীৰ পৰা ৬ কি. মি. আঁতৰৰ চাৰিং গগৈ আলিত এক পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাটোত দুজন লোক গুৰুতৰভাৱে আহত হয়। প্ৰতক্ষ্যদৰ্শী সকলৰ মতে শিৱসাগৰৰ পৰা জাঁজী অভিমুখে মটৰচাইকেলত আহি থকা আৰোহী দুজনক পাছফালৰ পৰা একে দিশতে আহি থকা এখন মাৰুতি কাৰে মহটিয়াই লৈ যায়। আঘাতপ্ৰাপ্ত যুৱক দুজন বুবুল বৰা আৰু সঞ্জীৱ বৰা বুলি চিনাক্ত কৰা হৈছে। দুয়োজনকে তাৎক্ষণিক চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰে বুবুল বৰাৰ অৱস্থা সংকটজনক হৈ পৰাত তেওঁক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।