NORTHEAST NOW (Assamese)

গ্রীন অস্কাৰ বিজয়ী পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনক পচৰীয়াবাসীৰ সম্বৰ্ধনা

February 26, 2018 2:43 pm · এন ই নাও নিউজ

হাড়গিলা সংৰক্ষণৰ পদক্ষেপৰ জৰিয়তে গ্ৰীন অস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনক পচৰীয়া গাঁওবাসীয়ে তেওঁৰ কৃতিত্বৰ বাবে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখ্য যে বিশিষ্ট পৰিৱেশবিদ গৰাকীৰ এই প্ৰচেষ্টাক আদৰণি জনাই পচৰীয়াবাসীয়ে বিগত লক্ষ্মী পূজাৰ সময়ছোৱাত এটি শোভাযাত্ৰাও উলিয়াইছিল।

অসমৰ বিভিন্ন জলাশয় আৰু আৰ্দ্ৰভূমিত দেখা পোৱা এই বিলুপ্তপ্ৰায় হাড়গিলা সংৰক্ষণৰ বাবে  ৩৭ বছৰীয়া পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনে আহোপুৰোষাৰ্থ কৰিছে। উল্লেখ্য যে বিলুপ্তপ্ৰায় চৰাই হিচাপে চিহ্নিত হাড়গিলাৰ সংখ্যা গোলকীয় স্তৰত যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। বিভিন্ন সূত্ৰই প্ৰকাশ কৰা অনুসৰি সমগ্ৰ বিশ্বত থকা হাড়গিলাৰ সংখ্যা হৈছে মাত্ৰ ১২০০।

তাৎপৰ্যপূৰ্ণ বিষয় এইটোৱে যে ইয়াৰ ভিতৰত প্ৰায় ৭০ শতাংশই অসমত পোৱা যায়।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনে বহু বেচৰকাৰী সংস্থাৰ সহযোগত বিভিন্ন গোটৰ দ্বাৰা পৰম্পৰাগত অসমীয়া সাজ পাৰ প্ৰস্তুত কৰি পাছলৈ সেয়া বিক্ৰীৰ ব্যৱস্থা কৰে। ইয়াৰ পৰা সংগৃহীত পুঁজিৰে পৰিৱেশবিদগৰাকীয়ে হাড়গিলা সংৰক্ষণৰ কাম কৰে বুলি জানিব পৰা গৈছে।

পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনক পচৰীয়াবাসীয়ে সম্বৰ্ধনা জ্ঞাপন কৰাক লৈ আনন্দ প্ৰকাশ কৰিছে ৰাইজে।

Related News