NORTHEAST NOW (Assamese)
অসম

চলন্ত ৰে’লত দুগৰাকী নাৰীক হত্যা : ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যন আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰতিবাদ

Posted by: কল্পজ্যোতি শইকীয়া July 15, 2018 6:36 am
প্ৰতিবাদ

যোৱা ১০ আৰু ১১ জুলাইত শিমলুগুৰি আৰু ডিব্ৰুগড়ত চলন্ত ৰেলত দুগৰাকীকৈ মহিলাক নিৰ্মম ভাৱে হত্যা কৰা কাৰ্য্যক গৰিহনা দি ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যন আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে শনিবাৰে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

দীঘলিপুখুৰীৰ পাৰত বিয়লি ৪ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে ১ ঘন্টা ধৰি বিক্ষোভ কাৰ্য্যসূচী চলাই নিয়ে।

প্ৰতিবাদত অংশগ্ৰহণ কৰা ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনৰ কামৰূপ জিলা সমিতিৰ সম্পাদক সংগীতা দাসে বিজেপি চৰকাৰৰ কাৰ্য্যকালত নাৰী নিৰ্য্যাতন বৃদ্ধি পোৱা বুলি অভিযোগ তোলে।

আনহাতে নিখিল ভাৰত মহিলা সমিতিৰ ৰাজ্যিক সভানেত্ৰী মাধুৰী দেৱীয়ে চৰকাৰৰ প্ৰতি দাবী তুলি কয়, “অপৰাধীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক, ষ্টেশ্যনত পৰ্য্যাপ্ত পৰিমাণৰ চিচি টিভিৰ ব্যৱস্থা কৰক, আৰ পি এফ ক অধিক সক্ৰিয় কৰক, নাৰী সুৰক্ষাৰ স্বাৰ্থত মহিলাৰ বাবে ৰে’লত বিশেষ ডবাৰ ব্যৱস্থা কৰক।‘’

প্ৰতিবাদকাৰীসকলে প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে উক্ত দাবীসমূহ সম্বলিত এখন স্মাৰক পত্ৰ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

প্ৰতিবাদী কাৰ্য্যসূচীত এছ এফ আইৰ ফালৰ পৰা সংগীতা দাস, হিমাংশু বৰা, গৌতমী দেৱী আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ তৰফৰ পৰা মাধুৰী দেৱী, বীনাপাণি বৰা, গীতা ওজা প্ৰমুখ্যে অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে।