NORTHEAST NOW (Assamese)
অসম

চামগুৰিত চিকিৎসকক প্ৰহাৰ কৰিবলৈ গৈ গুৰুতৰভাৱে আহত ৰোগীৰ উদণ্ড অভিভাৱক

Posted by: বিদ্যুত জ্যোতি বৰা July 4, 2018 9:19 pm
চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত “চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ”ৰ আয়ুৰ্বেদিক  বিভাগৰ এগৰাকী চিকিৎসকক আজি এগৰাকী ৰোগীৰ অভিভাৱকে উত্তেজিত হৈ প্ৰহাৰ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শিৱস্থান, কুসুমতলীৰ নিবাসী আব্দুল হাচিমৰ পুত্ৰ আব্দুল ৰহিমে হিতাহিত জ্ঞানশূন্য হৈ স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক মনোজ কুমাৰ  গোস্বামীক প্ৰহাৰ কৰে ৷

অভিযোগ অনুসৰি, অভিযুক্ত আব্দুল ৰহিমে  তীব্ৰ বেগত গাড়ী চলাই আহি চিকিৎসক গৰাকীৰ বাসগৃহৰ সন্মুখত হৰ্ণ বজায় আৰু মহিলা ৰোগী এগৰাকীক লৈ গৈ সোনকালে আৰোগ্য কৰি দিবলৈ অনুৰোধ জনায়৷ চিকিৎসকে কি হৈছে নো বুলি জানিব বিচৰাত খংত উত্তেজিত হৈ ৰহিমে চিকিৎসক গৰাকীক প্ৰহাৰ কৰে যদিও তেওঁৰ হাতৰ প্ৰচণ্ড ঘোচাটো সন্মুখত থকা খিৰিকিৰ গ্লাছখনতহে পৰে।

পৰৱৰ্তী সময়ত গাড়ীলৈ তাৰ পৰা আঁতৰি যায় যদিও অভিযুক্ত ৰহিমৰ ক্ষতস্থানৰ পৰা তীব্ৰ ৰক্তক্ষয় হোৱাত সংকটজনক অৱস্থাত নগাঁৱলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিব লগা হয়৷

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত ডাক্তৰ মনোজ  কুমাৰ গোস্বামীয়ে চামগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।।