NORTHEAST NOW (Assamese)
অসম

চাহপুলি ৰোপণৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত আৰ্থিক সাহায্য বিতৰণ

Posted by: এন ই নাও নিউজ March 21, 2018 8:58 am
AssamSmallTea

ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এটা দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি আশাৰ ৰেঙনি সৃষ্টি কৰি অসম চৰকাৰে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ কথা ঘোষণা কৰিছে। ২০ মাৰ্চত অসম কৃষি বিশ্ববিদ্যালয়ৰ ড০ মাধৱ চন্দ্ৰ দাস প্ৰেক্ষাগৃহত অনুষ্ঠিত এটা অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ঘোষণা কৰে।

উল্লেখযোগ্য যে উক্ত অনুষ্ঠানটো পতা হৈছিল নিৰ্বাচিত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত চাহ পুলি ৰোপণৰ বাবে আৰ্থিক সাহায্য বিতৰণৰ বাবে। সাহায্য বিতৰণ অনুষ্ঠানটোৰ শেষত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শীঘ্ৰেই ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰে। এই ঘোষণাই তাত উপস্থিত ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিসকলক উল্লসিত কৰি তোলে। তেওঁলোকে মুখ্য  মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

তেওঁলোকে নিজৰ বক্তব্যত কয় যে পূৰ্বৰ কেইবাখনো চৰকাৰক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই মাটিৰ পট্টাকে ধৰি বিভিন্ন দাবী উত্থাপন কৰি আহিছে যদিও একো সুফল পোৱা নাছিল।

আনহাতে মুখ্য মন্ত্ৰী সোণোৱালে বিশ্বৰ বজাৰত অসমৰ চাহৰ মানক লৈ প্ৰশ্ন উঠাটো চিন্তনীয় বিষয় বুলি উদ্বেগ প্ৰকাশ কৰে।

সাহায্য প্ৰদান অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ লগতে কৃষি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ কমলমল্ল বুজৰবৰুৱা, কৃষি মন্ত্ৰী অতুল বৰা, উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাও উপস্থিত আছিল।

নিজৰ চমু ভাষণত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ কমলমল্ল বুজৰবৰুৱাই ক্ষুদ্ৰ চাহ খেতিয়কসকলক বিজ্ঞানসন্মত প্ৰশিক্ষণৰ প্ৰয়োজন বুলি মন্তব্য কৰে।

আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানটোত সদৌ অসম ক্ষুদ্ৰ চাহ  খেতিয়ক পৰিষদৰ হৈ নাৰায়ণ লাহন, সদৌ অসম ক্ষুদ্ৰ চাহ  খেতিয়ক সন্থাৰ হৈ গোপাল কৃষ্ণ খাওন্দ আৰু সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ  খেতিয়ক সন্থাৰ হৈ ৰবিৰাম বড়োৱে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে গোলাঘাটৰ  ক্ষুদ্ৰ চাহ  খেতিয়ক পূৰ্ণচন্দ্ৰ বৰাক ৬৫ হাজাৰ টকা, যোৰহাটৰ প্ৰহ্লাদ বৰাক ১০ হাজাৰ টকা, চৰাইদেউৰ সোমেশ্বৰ ফুকনক ৫০ হাজাৰ টকা, শিৱসাগৰৰ জিতু গগৈক ৫০ হাজাৰ টকা, ডিব্ৰুগড়ৰ পোনা সোণোৱালক ২৬,২৫০ টকা আৰু ওদালগুৰিৰ মণিৰাম বড়োক ১০ হাজাৰ টকাৰ চে’ক্‌ প্ৰদান কৰে।