NORTHEAST NOW (Assamese)

চাৰিদুৱাৰৰ ১০টা মহিলা আত্ম সহায়ক গোটৰ মাজত ১লাখ টকীয়া চেক বিতৰণ

June 21, 2018 8:13 pm · ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী

আজি শোণিতপুৰ জিলাৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী চাৰিদুৱাৰৰ চপালগা গাঁওত আজি অসম গ্ৰামীণ বিকাশ বেংক চাৰিদুৱাৰ শাখাৰ উদ্যোগত আৰু নাবাৰ্ড বেংকৰ সহযোগত আত্ম সহায়ক গোটৰ এক প্ৰশিক্ষণ সম্পৰ্কে এখন সভা আহ্বান কৰা হয়। দিনৰ ১ বজাৰ পৰা চপালগা প্ৰাথমিক বিদ্যালয়ত সমাজকৰ্মী অৰুণ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাত নাবাৰ্ডৰ সহকাৰী মহা প্ৰৱন্ধক দিলীপ কুমাৰ দাস উপস্হিত থাকি আত্মসহায়ক গোটৰ লক্ষ্য উদ্দেশ্য আৰু বিভিন্ন সা-সুবিধা সম্পৰ্কে বিস্তৃত বাখ্যা আগবঢ়োৱাৰ লগতে নাবাৰ্ডৰ বিভিন্ন আঁচনি সমূহৰ বিষয়েও ৰাইজক অৱগত কৰে।

আনহাতে জিলাখনৰ অগ্ৰণী বেংক বিষয়া সাধন সূত্ৰধৰে প্ৰধান মন্ত্ৰী বীমা সুৰক্ষা যোজঁনা, জীৱন জ্যোতি বীমা যোজনা আৰু অটল পেঞ্চন যোজনা সম্পৰ্কে ৰাইজক জানিবলৈ দিয়ে।

চাৰিদুৱাৰ গ্ৰামীণ বিকাশ বেংকৰ শাখা পৰিচালক ৰমেন শইকীয়াই আঁত ধৰা এই সভাত অঞ্চলটোৰ আত্ম সহায়ক গোটসমূহৰ পৰা প্ৰায় ১০০ ৰো অধিক মহিলা উপস্থিত থাকে।

এই সভাত নাবাৰ্ড আৰু চাৰিদুৱাৰ গ্ৰামীণ বিকাশ বেংকৰ সহযোগত ১০ টা মহিলা আত্ম সহায়ক গোটলৈ ১লাখকৈ টকাৰ চেক বিতৰণ কৰা হয়।

Related News