NORTHEAST NOW (Assamese)

চিত্ৰাংকনৰ জৰিয়তে সজাগতা অনাৰ প্ৰয়াস ‘নবিছি ১৭’ৰ শিল্পী সকলৰ

March 27, 2018 9:48 am · এন ই নাও নিউজ
Updated: March 27, 2018 9:49 am

শেহতীয়াকৈ ৰাজ্যখনত সংঘটি অপৰাধমূলক কাৰ্য-কলাপৰ বাবে সামাজিক সাংস্কৃতিক বিভিন্ন শিল্প কলাৰ লগত জড়িত শিল্পীৰ সমাহাৰ ‘নবিছি ১৭’ ই চিত্ৰাংকনৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা অনাৰ চেষ্টা কৰিছে।

উল্লেখযোগ্য যে ৰাজ্যখনত শেহতীয়াকৈ সংঘটিত যৌন নিৰ্যাতন তথা ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি, ৰাজ্যখনৰ একমাত্ৰ মহিলা বিশ্ব বিদ্যালয়খনৰ বিলুপ্তিকৰণ সংক্ৰান্তত ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্য ‘নবিছি ১৭’ ই ২৮ মাৰ্চত চিত্ৰাংকনৰ জৰিয়তে সজাগতা অনাৰ বাবে এক কাৰ্যসূচী গ্ৰহণ কৰিছে।

উক্ত সজাগতা অনুষ্ঠানত প্ৰতিখন বিদ্যালয়ৰ দুজলকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব পাৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।

উদ্যোক্ত সকলে কয় যে ৰাজ্যখনত সংঘটিত অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ লগতে ৰাইজৰো কৰিবলগীয়া বহুত আছে। গতিকে এই ক্ষেত্ৰত ৰাইজক তেওঁলোকে চিত্ৰংকানৰ জৰিয়তে দৃষ্টি নিক্ষেপ কৰাই সজাগতা অনাৰ চেষ্টা কৰিছে। লগতে উক্ত সজাগতা অনুষ্ঠানটো সফল কৰি তুলিবলৈ সকলো ৰাইজৰে সহায় সহযোগিতা কামনা কৰিছে। 

 

Related News