NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত ১৭ মাৰ্চৰ পৰা আন্ত:ৰাষ্ট্ৰীয় চিত্ৰাংকন-সাংস্কৃতিক সমাৰোহ

Posted by: ৰিনয় বসুমতাৰী March 12, 2018 12:38 pm
13.bmp

অহা ১৭ মাৰ্চৰ পৰা ২৩ মাৰ্চলৈ কোকৰাঝাৰত ৭ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব আন্ত:ৰাষ্ট্ৰীয় বন্ধুত্বমূলক চিত্ৰাংকন আৰু সাংস্কৃতিক সমাৰোহ। এই উপলক্ষে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে উদ্যোক্তাসকলে।
10-300x225.jpgএই সন্দৰ্ভত সমাৰোহখনৰ সহ-আয়োজক লৰিলী ব্ৰক্ষ্মই ‘নৰ্থইষ্ট নাও’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয়: কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজত আমি তৃতীয় বৰ্ষৰ বাবে এই অনুষ্ঠানটোৰ আয়োজন কৰিছো। জনসাধাৰণৰ মাজত কলাৰ সৌন্দৰ্য সন্দৰ্ভত সজাগতা বৃদ্ধি তথা ছাত্ৰ-ছাত্ৰী সকলৰ মাজৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে এই সমাৰোহৰ আয়োজন কৰা হৈছে।
উল্লেখ্য যে তেওঁ লগতে কয় যে এই সমাৰোহখনত ৰাছিয়া, ব্ৰিটেইন, ইটালী, ফ্ৰান্স, ৰোমানিয়া, থাইলেণ্ড, ভিয়েটনাম, বাংলাদেশকে আদি কৰি বিশ্বৰ ভিন্ন প্ৰান্তৰ বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব।
আনহাতে অনুষ্ঠানটোত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰক্ষ্ম, লেখক বিদাং মুছাহৰী উপস্থিত থাকিব বুলি সদৰী কৰে আয়োজক ব্ৰক্ষ্মই।
11-300x225.jpgঅনহাতে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি ১৮ মাৰ্চত এখন ৰাজ্যিক ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব। দিনৰ ১০ বজাৰ পৰা তিনিটা শাখাত অনুষ্ঠিতব্য প্ৰতিযোগিতাখনৰ বিজয়ী সকলক সমাৰোহৰ সামৰণিৰ দিনা অৰ্থাৎ ২৩ মাৰ্চত বঁটা প্ৰদান কৰা হ’ব। একেদৰে ১৯ মাৰ্চত ‘জাত্ৰা গান’ শীৰ্ষক এটি অনুষ্ঠানৰো আয়োজন কৰিছে আয়োজক সকলে।
সমাৰোহখন সাফল্যমণ্ডিত কৰি তুলিবলৈ সংশ্লিষ্ট সকলো পক্ষৰ সহায়-সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে।