NORTHEAST NOW (Assamese)
অসম

চিৰদিনলৈ বন্ধ হ’ল গুৱাহাটী ফাঁচি বজাৰৰ পদপথৰ কাপোৰৰ দোকান

Posted by: এন ই নাও নিউজ April 19, 2018 10:34 pm
ফাঁচি

মহানগৰীৰ এছ এছ ৰোডত থকা সকলোৰে জনপ্ৰিয় তথা ৪০ বছৰীয়া পুৰণি ফাঁচি বজাৰৰ পদপথৰ কাপোৰৰ দোকানৰ বৃহস্পতিবাৰে(১৯ এপ্ৰিল) সমাপ্তি ঘটে।

উল্লেখযোগ্য যে মুম্বাই ফেশ্বন মাৰ্কেট, দিল্লীৰ সৰোজনী মাৰ্কেটৰ দৰে গুৱাহাটী মহানগৰীৰ এছ এছ ৰোডত থকা ফাঁচি বজাৰখন বৃহস্পতিবাৰে চিৰিদিনৰ বাবে বন্ধ কৰি দিয়ে কামৰূপ প্ৰশাসনে। লগে লগে সমাপ্তি ঘটিল ৪০ বছৰীয়া এখন কাপোৰৰ বজাৰৰ, আঁতৰিল ফাঁচি বজাৰৰ পৰা ষ্ট্ৰীট ফেশ্যন।

এই ৪০ বছৰীয়া কাপোৰৰ দোকানখন বন্ধ কৰিবৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰাৰ পিছতে আজি জিলা প্ৰশাসনে কাপোৰৰ দোকান সমূহ উচ্ছেদ কৰে। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২৩০ খন দোকান পৌৰ নিগমৰ বজাৰ গৃহলৈ স্থানান্তৰ কৰে যদিও ব্যৱসায়ী সকলে ন্যায়ালয়ৰ এই নিৰ্দেশ মানি লোৱাত অস্বীকাৰ কৰে।

আনহাতে ব্যৱসায়ী সকলে ন্যায়ালয়ৰ এই নিৰ্দেশৰ প্ৰতিবাদ কৰি এক প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদত ব্যৱসায়ী সকলে পৌৰ নিগমে প্ৰদান কৰা বজাৰ গৃহৰ পৰিৱৰ্তে ফাঁচি বজাৰত থকা কাৰাগাৰৰ মাটিলৈ কাপোৰৰ বজাৰখন স্থানান্তৰ কৰাৰ দাবী জনাইছে।