NORTHEAST NOW (Assamese)
অসম

চিৰাঙত পিষ্টলসহ দুৰ্ধৰ্ষ এন ডি এফ বি (স)ৰ কেডাৰ আটক

Posted by: ৰিনয় বসুমতাৰী June 4, 2018 9:12 pm
chirang NDFB (S)

সেনা বাহিনী আৰু আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই চিৰাং জিলাৰ চালবাৰিত এন ডি এফ বি (স) গোটৰ এজন দুৰ্ধৰ্ষ কেডাৰ আটক কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে, অঞ্চলটোত বিদ্ৰোহী গোটটোৰ এজন দুৰ্ধৰ্ষ কেডাৰ থকা বুলি স্থানীয় সূত্ৰৰ পৰা লাভ কৰা এক খবৰৰ বিত্তিত ৩ জুনৰ পুৱতি সেনা আৰু আৰক্ষীয়ে অভিযান চলাই কেডাৰজনক আটক কৰে।

আটকাধীন কেডাৰজনক সংগঠনটোৰ অ’ভাৰ গ্ৰাউণ্ড কৰ্মী বিলিফাং নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ পৰা ১ টা ৭.৬২ এম এম পিষ্টল, দুই জাঁই সক্ৰিয় গুলী, ধন দাবী পত্ৰকে ধৰি বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰা হয় বুলি জানিব পৰা গৈছে।

আনহাতে বিদ্ৰোহী গোটটোৰ উক্ত সদস্যজনক আটক কৰাৰ ফলত সংগঠনটোত মোক্ষম আঘাত পৰিছে বুলি আৰক্ষী আৰু সেনাই দাবী কৰিছে।