NORTHEAST NOW (Assamese)

চিৰাঙত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত আটক এন ডি এফ বি(স)ৰ দুৰ্ধৰ্ষ কেডাৰ

March 15, 2018 6:05 pm · এন ই নাও নিউজ

বৃহস্পতিবাৰে চিৰাং জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ ১নং বালাঝাৰ অঞ্চলত পুৱতি নিশা ভাৰতীয় সেনাৰ গাৰোৱাল ৰেজিমেণ্ট আৰু চিৰাং আৰক্ষীয়ে যৌথ অভিযান অভিযান চলাই এন ডি এফ বি(স)ৰ এজন কেডাৰ আটক কৰে।

প্ৰাপ্ত তথ্য মতে ভাৰত-ভূটান সীমান্তৰ ১নং বালাঝাৰ অঞ্চলত ভাৰতীয় সেনাৰ গাৰোৱাল ৰেজিমেণ্ট আৰু চিৰাং আৰক্ষীৰ এটা দলে যৌথ অভিযান চলাই ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত এন ডি এফ বি(স)ৰ ৪০ নং বেটচৰ এজন দুৰ্ধৰ্ষ কেডাৰক আটক কৰে। আটকাধীন কেডাৰজন বালাঝাৰৰ জৰেন নাৰ্জাৰীৰ পুত্ৰ জন টন নাৰ্জাৰী ওৰফে এন টোৰছে (২৮) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে আটকাধীন এন ডি এফ বি(স)ৰ দুৰ্ধৰ্ষ কেডাৰজনৰ পৰা সেনা-আৰক্ষীয়ে এটা ৰিভলভাৰ, ৬ জাঁই সজীৱ গুলী, এখন খুকুৰী, ২৮ খন ধন দাবী পত্ৰ উদ্ধাৰ কৰে।

কেডাৰজনে কিছুদিনৰ পুৰ্বে ম্যানমাৰৰ পৰা চিৰাঙত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা গৈছে।

ইতিমধ্যে আমগুৰি থানাত দুৰ্ধৰ্ষ কেডাৰজনৰ পৰা অধিক তথ্য উদ্ধাৰৰ বাবে সেনা-আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Related News