NORTHEAST NOW (Assamese)
অসম

চৰাইদেউৰ পেটুধোৱা পুখুৰীত আহোম যুগৰ ড্ৰেগন আকৃতিৰ সম্পদ উদ্ধাৰ

Posted by: এন ই নাও নিউজ February 7, 2018 8:01 am
Dragon

ঐতিহাসিক তথ্য আৰু সম্পদৰ আকৰ চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চৰাইদেউ মৈদামস্থলীৰ কিছু নিলগত থকা আহোম যুগৰ পেটুধোৱা পুখুৰীত ড্ৰেগন আকৃতিৰ দুটা সম্পদ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলবাৰে ঐতিহাসিক পুখুৰীটোত জবকাৰ্ডৰ শ্ৰমিকে কাম কৰি থকা অৱস্থাত দুজন যুৱকে এই সম্পদকেইবিধ উদ্ধাৰ কৰে। ড্ৰেগনৰ আকৃতিত নিৰ্মাণ কৰা দুয়োটা সামগ্ৰীয়েই লোৰ আৰু দুয়োটাই সোণালী ধাতুখচিত।

দুয়োটাৰ মাজৰ ডাঙৰটোৰ ওজন প্ৰায় ৬ কিলোগ্ৰাম আৰু দীঘলে ২ ফুট ৬ ইঞ্চি আৰু সৰুটোৰ ৪ কিলোগ্ৰাম  আৰু দীঘলে ২ ফুট ৫ ইঞ্চি।

সামগ্ৰী দুটাত খোলনিৰ দৰে একোটা অংশও আছে। জানিব পৰামতে এই দুটা ৰজাঘৰীয়া দোলাৰ অংশ, যাক ঢেঁকৰ বুলি কোৱা হয়। ইয়াক দোলাৰ দুই মূৰত লগোৱা হয়।

সম্পদ দুটাৰ উদ্ধাৰে অঞ্চলটোৰ মানুহৰ মাজত মৃদু চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে পুৰাতাত্ত্বিক জ্ঞান থকা মানুহৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছে। ইয়াৰ নিৰ্মাণ কৌশলেও মানুহক মুগ্ধ কৰিছে। লোৰ পৰা ইমান নিখুঁতকৈ আৰু তাত সোণালী ধাতুৰ নক্সা কাটিব পৰাকৈ তেতিয়াৰ দিনতে অসমৰ মানুহৰ দক্ষতা থকাটো মন কৰিব লগীয়া।

বস্তুকেইপদ পোৱাৰ পিছত আৰক্ষীক খবৰ দিয়াত মথুৰাপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। পিছত চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকন উপস্থিত হয় আৰু তেওঁৰ কাৰ্যালয়লৈ দুয়োটা বস্তু লৈ যোৱা হয়। এই পৰ্য্যন্ত সোণখচিত ড্ৰেগন আকৃতিৰ ঐতিহাসিক সম্পদ দুটা উপায়ুক্তৰ কাৰ্য্যলয়ে সংৰক্ষণৰ ব্যৱস্থা কৰিছে যদিও পুৰাতত্ত্ব বিভাগৰ কোনো লোক উপস্থিত হোৱাৰ খবৰ পোৱা নাই।

বহুতে পুৰাতত্ত্ব বিভাগে মৈদাম খান্দি কংকালবোৰ পৰ্য্যন্ত আলৈ-আথানি কৰাৰ দৰে এইবোৰকো যাতে আলৈ-আথানি কৰা নহয় তথা অলপো ক্ষতি নোহোৱাকৈ ৰখা হয়, তাৰ বাবে আহ্বান জনাইছে।