NORTHEAST NOW (Assamese)
অসম

ছচিয়েল মিডিয়াত অচিৰেই আত্মপ্ৰকাশ ঘটিব অসম সাহিত্য সভাৰ

Posted by: এন ই নাও নিউজ May 11, 2018 7:52 am
alakesh photo

অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই অচিৰে আত্মপ্ৰকাশ কৰিব ছচিয়েল মিডিয়াত। অসম সাহিত্য সভাৰ বা-বাতৰি আৰু অসমৰ সাহিত্য-সংস্কৃতিৰ বিভিন্ন দিশ প্ৰকাশৰ বাবে ছচিয়েল মিডিয়াৰ দিশটো শক্তিশালী কৰাত সাহিত্য সভাই গুৰুত্ব দিছে ৷

ইয়াৰ বাবে ছচিয়েল মিডিয়াৰ প্ৰশাসক হিচাবে নিযুক্তি দিয়া হৈছে সাংবাদিক তথা অসম সাহিত্য সভাৰ আজীৱন সদস্য বৰপেটাৰোডৰ জয়ন্ত কুমাৰ দাসক ৷

বৰ্তমান সময়ত ছচিয়েল মিডিয়াৰ জনপ্ৰিয়তা আৰু বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত ইয়াৰ ব্যাপক প্ৰভাৱলৈ লক্ষ্য ৰাখি অসম সাহিত্য সভাই ছচিয়েল মিডিয়াৰ জৰিয়তে সভাৰ চিন্তা-চৰ্চা জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বুধবাৰে অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ডঃ সঞ্জীৱ শৰ্মাৰ উপস্থিতিত দাসক এই নিযুক্তি-পত্ৰ প্ৰদান কৰে ৷

নিযুক্তি লাভ কৰি দাসে জনিব দিয়ে যে অতি সোনকালে অসম সাহিত্য সভাৰ বিভিন্ন কাৰ্যাৱলী ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিবৰ বাবে ফে’চবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, গুগল প্লাছ, লিংকইন, ওৱেব পৰ্টেইল আদি মাধ্যম সমূহ ব্যৱহাৰ কৰা হ’ব ৷