NORTHEAST NOW (Assamese)
অসম

ছমাহ নহওঁতেই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ফাট : ঠিকাদাৰী সংস্থা আৰু ঘাইপথ প্ৰাধিকাৰীৰ আঞ্চলিক কাৰ্য্যালয়ৰ বুজাবুজিৰ ফল

Posted by: পংকজকুমাৰ দেব July 18, 2018 10:40 am
NH_27_2

 

জাতিংগা-হাৰাংগাজাও ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হৈ থকা দুৰ্নীতি আৰু কামৰ নিম্ন মানক লৈ চৰকাৰৰ উদাসীনতাই এতিয়া সাধাৰণ ৰাইজক জীয়াতু ভোগাইছে। ৰাজ্যত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে সৰ্বাধিক গুৰুত্ব দিয়া বিষয়টোৱেই অসমৰ ৰাস্তা-ঘাট বুলি সততে কৈ থকাৰ সময়তো ৰাজ্যৰ চাৰিওফালে বাট-পথৰ জৰাজীৰ্ণ ৰূপহে দেখা গৈছে।

আনহাতে ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰণৰ অধীনত থকা এন এইচ্ছ ২৭ ইষ্ট-ৱেষ্ট কৰিড’ৰ খ্যাত দেশৰ দ্বিতীয় সৰ্বাধিক দীৰ্ঘতম ৰাষ্ট্ৰীয় পথৰ অসমৰ অংশটোৰ নিৰ্মাণৰ কাম আজি দুবছৰ ধৰি বন্ধ হৈ আছে।

NH_27_3
নিৰ্মাণ হোৱা ছমাহেই নহওঁতেই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ফাট।

উল্লেখযোগ্য যে বৰাক উপত্যকাৰ মাজেৰে যোৱা এই পথছোৱাৰ নিৰ্মাণৰ দায়িত্ব পোৱা জে কে এম ইনফ্ৰা প্ৰাইভেট লিমিটেডে লাভ কৰিছিল যদিও অতি নিম্ন মানৰ কামৰ বাবে তেওঁলোকক দিয়া ঠিকাৰ চুক্তি বাতিল কৰা হয়। তাৰ পিছত ইয়াৰ ঠিকা আন কোনো প্ৰতিষ্ঠানক নিদিয়া বাবে পথটোৰ নিৰ্মাণ আধৰুৱা হৈয়ে আছে। ইফালে ২০১১ চনতে পথটোৰ নিৰ্মাণ আৰম্ভ কৰা উক্ত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ২০১৬ চন পৰ্য্যন্ত ৫ শতাংশ কামো সম্পূৰ্ণ কৰা নাছিল। যিখিনি কৰিছিল সেইখিনি কামো অতি নিম্নমানৰ আছিল। যাৰ বাবে ঠিকাৰ চুক্তি বাতিল কৰিব লগীয়া হ’ল। এনে অচলাৱস্থাৰ মাজত পথটো নিৰ্মাণৰ ফলত লাভ কৰিব লগীয়া সুফলৰ পৰা অঞ্চলটোৰ ৰাইজ বঞ্চিত হৈ থকাৰ লগতে যাতায়াতৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই ৰাইজে জীয়াতু ভুগি আছে।

চৰকাৰখনে বৰ্তমান থকা জাতিংগা-হাৰাংগাজাওৰ মাত্ৰ ২৫ কিলোমিটাৰ পথছোৱা নতুনকৈ নিৰ্মাণৰতো দূৰৈৰ কথা, ইয়াক যাতায়াতৰ উপযোগী কৰি ৰখাতে ব্যৰ্থ হৈছে।

স্থানীয় বিভিন্ন দল-সংগঠনে কৰা অভিযোগ অনুসৰি পথ মেৰামতিৰ নামত বাস্তৱত দুৰ্নীতিয়ে গা কৰি উঠিছে। এই দুৰ্নীতিত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বা NHAI-ৰ হাফলং পি আই য়ু প্ৰত্যক্ষভাৱে জড়িত থকাৰো অভিযোগ উঠিছে। আনহাতে হাফলং পি আই য়ুক পৰোক্ষভাৱে সমৰ্থন দিছে গুৱাহাটীত থকা NHAI-ৰ আ্ঞ্চলিক কাৰ্যালয়ে।

জানিব পৰামতে, প্ৰায় মৰনফান্দত পৰিণত হোৱা জাতিংগা-হাৰাংগাজাও তথাকথিত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ কাৰণে যোৱা ডিচেম্বৰৰ পৰা কোটি কোটি টকা খৰচ কৰি থকা হৈছে যদিও বাস্তৱত পথটোৰ কোনো উন্নয়ন ৰাইজে দেখা পোৱা নাই। ঘাইপথছোৱাৰ বিষয়ে মন্ত্ৰীৰ পৰা শীৰ্ষ সংশ্লিষ্ট বিষয়াক প্ৰশ্ন কৰিলে এটাই প্ৰত্যুত্তৰ আহে, বৈঠক হৈছে বা হ’ব। লক্ষ্মী মটৰ্ছ নামৰ ঠিকাদাৰী সংস্থাক পথ মেৰামতিৰ দায়িত্ব দিয়া হৈছে যদিও কোনো কাম নকৰাকৈ নাহাই আৰু কনচালটেন্সি সংস্থা আই চি টিক মেনেজ কৰি লক্ষ্মী মটৰ্ছে নিজৰ মুনাফা আদায়ত ব্যস্ত থকা বুলি স্থানীয় ৰাইজে অভিযোগ আনিছে।

NH_27_1
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী ঠেলি জীয়াতু ভুগিছে ৰাইজে।

ইপিনে মাইবাং আৰু লাংটিঙৰ মাজত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ একাধিক ঠাইত দেখা গৈছে ডাঙৰ ডাঙৰ ফাট। অথচ এন কে চি নামৰ ঠিকাদাৰী সংস্থাটোৱে এইছোৱা পথ নিৰ্মাণ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক চমজাই দিয়া আজি ছমাহো হোৱা নাই।