NORTHEAST NOW (Assamese)

ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া সমবেশৰ বাবে বিত্ত বিভাগে মুকলি কৰি দিলে ১৪৯ কোটি টকা : নতুন চৰকাৰে বন্ধ কৰি ৰাখিছিল আঁচনিখন

March 2, 2018 10:31 pm · এন ই নাও নিউজ

অৱশেষত দুবছৰীয়া বিৰতিৰ পিছত অসম চৰকাৰৰ বিত্ত বিভাগে চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দি অহা বিনামূলীয়া সমসাজ (য়ুনিফ’ৰ্ম)ৰ বাবে বিদ্যালয়বিলাকলৈ টকা মোকলাই দিছে।

আজি চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যখনৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা প্ৰায় ৩৭ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে ১৪৯ কোটি টকা মুকলি কৰি দিয়া বুলি জানিবলৈ দিয়ে। এই হিচাপত প্ৰতিজন ছাত্ৰ বা ছাত্ৰীৰ বিপৰীতে ৪০০ টকাকৈ দিয়া হৈছে। সোণোৱাল চৰকাৰৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে এয়েই প্ৰথমবাৰ বিনামূলীয়া য়ুনিফ’ৰ্ম লাভ কৰাৰ বাট মুকলি হ’ল।

উল্লেখযোগ্য যে নতুন চৰকাৰ আহিবৰ পৰা ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ দুখীয়া ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া সমসাজ প্ৰদান আঁচনিখন প্ৰায় বন্ধ হৈ থকাৰ দৰে আছিল।

বিদ্যালয়বিলাকে ইয়াৰ বাবে প্ৰয়োজনীয় টকা পোৱা নাছিল বাবে যোৱা ২০১৫ চনৰ পৰাই ছাত্ৰ-ছাত্ৰীক সমসাজ যোগান ধৰিব পৰা নাছিল। অৰ্থৰ নাটনিৰ বাবেই এই আঁচনি বন্ধ হৈ আছিল নে অন্য ৰাজনৈতিক মেৰপেচ আছিল সেই কথা জানিব পৰা হোৱা নাই।

অলপতে এটা মন্তব্যত শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছিল যে তেওঁ চৰকাৰী বিদ্যালয়বিলাকে সন্মুখীন হৈ থকা সমস্যাবোৰৰ সমাধান কৰিবলৈ বিত্ত বিভাগক ১৯৬২ কোটি টকা বিচাৰিব। তেওঁ মুঠ ১০ হাজাৰ বিদ্যালয়ত শ্ৰেণী কোঠাবোৰৰ মাজত বেৰ দিয়াৰ কাম কৰিব লগীয়া আছে বুলি কয়।

মাজত বেৰ দিব নোৱৰাৰ বাবে একেটা কোঠাতে কেইবাটাও শ্ৰেণী চলাই থাকিব লগীয়া হৈছে বুলি তেওঁ নিজৰ বক্তব্যত জানিবলৈ দিছিল। আনহাতে ১৩৭৯খন বিদ্যালয়ত টয়লেট, ৩৪,১৬৫ খন বিদ্যালয়ত বিদ্যুৎ সংযোগ নাই। তেওঁ এই ধনৰাশি পৰৱৰ্তী গুণোৎসৱৰ পূৰ্বেই বিচাৰিব বুলি কয়।

Related News