NORTHEAST NOW (Assamese)

ছিকিমত অ-জৈৱিক কৃষি পদ্ধতিৰে উৎপাদিত পাচলি বিক্ৰীৰ ওপৰত থকা নিষেধাজ্ঞা সাময়িকভাৱে প্ৰত্যাহাৰ

April 8, 2018 3:52 pm · সাগৰ চেত্ৰী
Updated: April 8, 2018 3:53 pm

ছিকিমত বাহিৰৰ পৰা অনা বিলাহী, গাজৰ, মটৰ মাহৰ দৰে পাচলি আদিৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা সাময়িকভাৱে উঠাই লোৱা হৈছে।

শনিবাৰে গৃহ বিভাগে পূৰ্বতে অ-জৈৱিক কৃষি পদ্ধতিৰে উৎপাদিত খাদ্য-শস্যৰ ওপৰত থকা নিষেধাজ্ঞাৰ আংশিক সালসলনি কৰি এক জাননী ( No 13/Home/2018 dated 10/03/2018) জাৰি কৰিছে।

এই নিৰ্দেশনা মতে  গাজৰ, বিলাহী, কেঁচা জলকীয়াকে ধৰি বাহিৰৰ পৰা ৰাজ্যখনলৈ অহা শাক-পাচলি বিক্ৰীত ইতিপূৰ্বে আৰোপিত নিষেধাজ্ঞা সাময়িকভাৱে প্ৰত্যাহাৰ কৰা হৈছে। ইয়াৰ ফলত ব্যৱসায়ী সকলে এইবোৰ বিক্ৰী কৰিব পাৰিব। জাননীখনত কোৱা মতে এই নিৰ্দেশনা তৎকালীনভাৱে কাৰ্যকৰী কৰিব পাৰিব।

উল্লেখযোগ্য যে ছিকিমত চৰকাৰে ৩১ মাৰ্চৰ পৰা ২৭ বিধ অ-জৈৱিক কৃষি পদ্ধতিৰে উৎপাদন কৰা খাদ্য-শস্য বিক্ৰীৰ ক্ষেত্ৰত  নিষেধাজ্ঞা জাৰি কৰিছিল। এই কথা মুখ্য মন্ত্ৰী পৱন কুমাৰ সিঙে বিধানসভাত ঘোষণা কৰিছিল।

 

লগতে  গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব এছ চি গুপ্তাই ১০ মাৰ্চত জাৰি কৰা জাননী যোগে কৈছিল যে ‘জাননীখনৰ প্ৰতি যদি কোনো অৱমাননা কৰা দেখা যায় তেতিয়াহ’লে সামগ্ৰীসমূহ (নিষিদ্ধ) জব্দ কৰা হ’ব আৰু সেইবোৰ নিষ্কাষণ কৰি পোলোৱা হ’ব।’

Related News