NORTHEAST NOW (Assamese)

ছিকিমত পথ সুৰক্ষা সজাগতা সৃষ্টিৰ বাবে মটৰচাইকেল চলাব মুম্বাই থানেৰ বাইকাৰ দলে

April 3, 2018 5:27 pm · এন ই নাও নিউজ

পথ সুৰক্ষাৰ সজাগতা সৃষ্টিক লৈ এই মাহত ছিকিমত মটৰচাইকেল চলাব মুম্বাই থানেৰ ৪ জনীয়া বাইকাৰৰ এটা দলে। এই কামত সহযোগ কৰিব Ride4India নামৰ মুম্বাইৰ এক বাইকচালক সংগঠনে।

থানে ট্ৰেফিক আৰক্ষীৰ সৈতে পূৰ্বে সংগঠনটোৱে বিভিন্ন পথ সুৰক্ষামূলক কাৰ্যকলাপ চলাইছিল।

চালকসকলে ১৫ দিন ধৰি ছিকিম পৰিভ্ৰমণ কৰিব আৰু পথ সুৰক্ষা বিষয়ক সজাগতা সৃষ্টিৰ বাবে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়লৈ যাব। ছিকিম ইষ্ট জিলাৰ আৰক্ষী অধীক্ষক লদেন লেপচাই পতাকা জোকাৰি ভ্ৰমণসূচীটোৰ শুভাৰম্ভ কৰিব।

এই সন্দৰ্ভত লেপচাই কয়, ‘এনে প্ৰচেষ্টাই যুৱপ্ৰজন্মৰ মাজত সজাগতা সৃষ্টিত নিশ্চিতভাৱে সহায় কৰিব আৰু পথত থকা সকলোৰে বাবে নিৰাপদ বাহন চালনা অভিজ্ঞতাৰ সৃষ্টি কৰিব।’ এই ভ্ৰমণৰ প্ৰতি থানে জিলা পৰিবহণ বিষয়া জিতেন্দ্ৰ পাতিলেও সমৰ্থন আগবঢ়াইছে।

ভ্ৰমণটোত ভাগ লোৱা চাৰিগৰাকী আৰোহী বিজয় যোচেফ, ধৰ্ম কতিয়ান, দীনেশ চেমুয়েল আৰু জন ডি ছুজাই ইয়াৰ পূৰ্বেও ভাৰতৰ বিভিন্ন ঠাইত এনে কাৰ্য্যসূচী গ্ৰহণ কৰিছিল। বিজয়ে ‘বাইক চালনা আমাৰ নিচা আৰু নিৰাপদ চালনাৰ সজাগতা সৃষ্টি আমাৰ কৰ্তব্য। আমাৰ পথসমূহক নিৰাপদ কৰি তোলাৰ বাবে প্ৰতিজন চালকে দায়িত্ব ল’বই লাগিব।’

Related News