NORTHEAST NOW (Assamese)

ছিকিমে ৰাজ্যখনত নিষিদ্ধ কৰিব অ-জৈৱিক খাদ্য সামগ্রীৰ যোগান

December 15, 2017 11:37 am · এন ই নাও নিউজ

ছিকিম চৰকাৰে বৃহস্পতিবাৰে ৰাজ্যখনত অহা বছৰৰ ৩১ মাৰ্চৰ পৰা প্ৰথম পৰ্যায়ত অ-জৈৱিক পদ্ধতিত উৎপাদন কৰা কৃষিজাত, উদ্যান শস্য তথা পশুধনৰ যোগান নিষিদ্ধ কৰাৰ প্ৰস্তাৱ এটাত অনুমোদন জনাইছে।

মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ৰাজ্যৰ উদ্যান শস্য তথা কৃষি বিভাগে ২০১৮ বৰ্ষৰ ৩১ ডিচেম্বৰৰ পৰা প্ৰথম পৰ্যায়ত ছিকিমত অ-জৈৱিক খাদ্য সামগ্ৰীৰ যোগান নিষিদ্ধ কৰাৰ প্ৰস্তাৱটো কাৰ্যকৰী কৰা হ’ব।

যথা সময়ত কেবিনেট সিদ্ধান্তটো কাৰ্যকৰী কৰাৰ বাবে জাননী জাৰি কৰা হ’ব বুলি জানিব দিছে এগৰাকী বিষয়াই।

২০১৮ ত ৩১ মাৰ্চৰ পৰা নিষিদ্ধ হ’বলগীয়া সামগ্ৰীসমূহৰ ভিতৰত আছে –মাকৈ, বীন, বেঙেনা, ব্ৰুকলি, বন্ধাকবি, ফুলকবি, কেপচিকাম, গাজৰ, তিয়হ, লেছেৰা, ভেণ্ডি, লাইশাক, পালেংশাক, মটৰ,বিলাহী, কল, মধুৰীআম, আম, সুমথিৰা, অমিতা, আদা, কেঁচা জলকীয়া, হালধী ইত্যাদি। ইয়াৰ উপৰি আৰু কিছুমান সামগ্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা থাকিব বুলি জানিব দিছে বিষয়াগৰাকীয়ে।

দুদিন আগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে তেওঁ তৰকাৰে অহা বছৰৰ পৰা ৰাজ্যৰ বাহিৰৰ পৰা অহা কল আৰু আম নিষিদ্ধ কৰিব। তেওঁ কৈছিল যে ৰাসায়নিকভাৱে পকোৱা এই ফলবোৰ খালে মানুহৰ স্বাস্থ্য বিঘ্নিত হ’ব।

যদিও ছিকিমে ইয়াৰ ঘৰুৱা উপভোক্তাৰ প্ৰয়োজন পূৰণ কৰিবলৈ পশ্চিমবংগৰ দৰে চুবুৰীয়া ৰাজ্যৰ পৰা খাদ্য সামগ্ৰী আমদানি কৰিবলগীয়া হয়, তথাপি যোৱা বছৰ ৰাজ্যখনক এখন সম্পূৰ্ণ জৈৱিক ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল।

Related News