NORTHEAST NOW (Assamese)
ছিকিম

ছিকিমৰ মুখ্য মন্ত্ৰী পৱন গামলিঙক কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধীৰ সাক্ষাৎ : ছিকিমৰ জৈৱিক কৃষি পদ্ধতিৰ প্ৰশংসা

Posted by: সাগৰ ছেত্ৰী March 26, 2018 10:18 pm
Sikkim

মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধীয়ে আজি ছিকিমৰ মুখ্য মন্ত্ৰী পৱন গামলিঙক তেওঁৰ মিনটোগাংস্থিত চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে।

মুখ্য মন্ত্ৰী গামলিঙে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱাৰ লগতে ৰাজ্যৰ চৰকাৰখনে লোৱা ভালেমান পদক্ষেপৰ বিষয়ে জনায়।

আনহাতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছিকিমৰ জৈৱিক কৃষি ব্যৱস্থাৰ বাবে শলাগ লয়। তেওঁ লগতে ছিকিমৰ অৰ্কিডৰ বিষয়েও মুখ্য মন্ত্ৰীজনৰ সৈতে আলোচনা কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে ছিকিমে এতিয়া এই অৰ্কিডৰ ক্ল’নিঙৰ বিষয়টো চিন্তা কৰি চোৱা উচিত আৰু অৰ্কিডবোৰ কি কি নতুন ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি সেইটোও অনুসন্ধান কৰিব লাগে। তেওঁ গহনাত অৰ্কিড ব্যৱহাৰৰ কথা কয়। তেওঁ লগতে এই অৰ্কিড মুম্বাইলৈও চালান দিব পাৰি বুলি পৰামৰ্শ আগ বঢ়ায়।

ছিকিমৰ মুখ্য মন্ত্ৰীৰ সবল আৰু সফল নেতৃত্বকো প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ চামলিঙক দেশৰ ভিতৰতে শ্ৰেষ্ঠ মন্ত্ৰী বুলি অভিহিত কৰে। ৰাজ্যখনৰ স্বাস্থ্যসন্মত আৰু পৰিষ্কাৰ পৰিৱেশটোৰো প্ৰশংসা কৰে মেনকা গান্ধীয়ে।