NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ছিকিমৰ ৰাজনীতিত প্ৰৱেশৰ নিশ্চিতি প্ৰদান ফুটবল তাৰকা বাইচুং ভূটীয়াৰ

Posted by: এন ই নাও নিউজ March 6, 2018 1:32 pm
Bhaichung

তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগৰ পাছত সৰ্বত্ৰ সৃষ্টি হোৱা চৰ্চা আৰু জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত ছিকিমৰ সক্ৰিয় ৰাজনীতিত যোগদানত নিশ্চিতি দিলে একালৰ তাৰকা ফুটবলাৰ বাইচুং ভূটীয়াই।

সোমবাৰে গেংটকত সংবাদ মাধ্যমৰ আগত তাৰকা গৰাকীয়ে কয়: মই ছিকিমৰ ৰাজনীতিত প্ৰৱেশৰ বাবে সাজু হৈছো আৰু ইয়াৰ জৰিয়তে নিজৰ ৰাজ্যখনলৈ মই সেৱা আগবঢ়াব বিচাৰো। যি দল বা মানুহে মোৰ গৃহ ৰাজ্যৰ উন্নতিৰ অৰ্থে কাম কৰিবলৈ সাজু আছে মই তেওঁলোকৰ সৈতে কাম কৰি যাম।

উল্লেখ্য যে যোৱা ২৬ ফেব্ৰুৱাৰিত তাৰকা ফুটবলাৰ গৰাকীয়ে তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰি ভৱিষ্যতে দেশৰ কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয় বুলি ঘোষণা কৰিছিল।

তাৰ কেইদিনমানৰ পাছতে অৰ্থাৎ বাইচুঙে সোমবাৰে কৰা ঘোষণা যথেষ্ঠ তাৎপৰ্যপূৰ্ণ।

অৱশ্যে তেওঁ আঞ্চলিক নে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত যোগদান কৰে সেই সন্দৰ্ভত এতিয়ালৈ কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই।

যি কি নহওক একালৰ তাৰকা ফুটবলাৰ বাইচুং ভূটীয়াই পুনৰ ৰাজনীতিত যোগদান কৰাৰ বাতৰিয়ে এতিয়া পাহাৰীয়া জিলাখনত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ এবছৰতকৈ কম সময় থকাত ছিকিমৰ ৰাজনীতিত বাইচুঙৰ যোগদান হ’ব গুৰুত্বপূৰ্ণ।