NORTHEAST NOW (Assamese)
অৰুণাচল

ছেইণ্ট ক্লেৰেট কলেজত নতুন ভৱনৰ আধাৰশিলা স্থাপন অৰুণাচলৰ মুখ্য মন্ত্ৰীৰ

Posted by: প্ৰণৱ কুমাৰ দাস March 19, 2018 4:26 pm
Pema-Khandu

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুয়ে দেওবাৰে জিৰোত থকা ছেইণ্ট ক্লেৰেট কলেজত নিৰ্মাণ হ’ব লগীয়া পেছাদাৰী পাঠ্যক্ৰম ভৱনৰ আধাৰশিলা স্থাপন কৰে।

তেওঁৰ ভাষনত মুখ্য মন্ত্ৰী গৰাকীয়ে ভৱনটো নিৰ্মাণৰ বাবে ৫ কোটি টকা প্ৰদান কৰা হ’ব বুলি সদৰী কৰে।

মহাবিদ্যালয়খনে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই অহা সেৱাৰ বাবে শীঘ্ৰে মহাবিদ্যালয়খনক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰসংশাপত্ৰ প্ৰদান কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰ উপৰি তেওঁ শিক্ষানুষ্ঠানটোৰ শিক্ষক-শিক্ষয়ত্ৰীসকলৰ দৰ্মহাৰ দিশটোক গুৰুত্ব সহকাৰে লোৱা হ’ব বুলি উল্লেখ কৰে।

শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে তেওঁ কেঠলিক মিছনক ধন্যবাদ জ্ঞাপন কৰি কয় যে মহাবিদ্যলয়খন কেৱল জিৰোৰে নহয় বৰঞ্চ সমগ্ৰ ৰাজ্যখনৰে সম্পদ।

তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিজ লক্ষ্যত অটল হৈ থাকিবলৈ কোৱাৰ লগতে ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে।