NORTHEAST NOW (Assamese)

জগতসভা অম্বুবাচীত এলাগী চিৰ চেনেহী অসমীয়া ভাষা, বেছিভাগ ঘোষণা হয় বাংলাত

June 24, 2018 11:25 pm · অনিৰ্বাণ পাঠক

অম্বুবাচী মেলা উপলক্ষে অসমৰ অন্যতম ঐতিহ্যস্বৰূপ কামাখ্যা মন্দিৰত লাখ লাখ ভক্তৰ সমাগম ঘটিছে। কিন্তু দেশ-বিদেশৰ ভক্তৰ সন্মুখত নিজৰ ভাষাটো দাঙি ধৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে চৰকাৰ-প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষ।

যিসময়ত অসমীয়া লিপিক লৈ ইউনিক’ডকেন্দ্ৰিক বিতৰ্ক হৈছে, তেনে সময়তে অসমৰেই এক বিশ্বপ্ৰসিদ্ধ জাতীয় অনুষ্ঠানত চৰকাৰ-প্ৰশাসনেই এলাগি কৰিছে অসমীয়া ভাষাক!

অম্বুবাচী মেলাৰ বিভিন্ন ঘোষণাৰ ক্ষেত্ৰত ঘোষকে অসমীয়াৰ ঠাইত প্ৰায়ে ব্যৱহাৰ কৰা দেখা গৈছে বাংলা ভাষা। যিখিনি ঘোষণা অসমীয়া ভাষাত কৰা হৈছে তাতো ভাষাটোক ভুলকৈ উপস্থাপন কৰা পৰিলক্ষিত হৈছে।

হয়তো বিশ্বত এনে কোনো স্থান নোলাব য’ত নিজৰ মাতৃভাষাক একাষৰীয়া কৰি অন্য এটা ভাষাক আগস্থান দিয়া হয়। তেনেক্ষেত্ৰত ভাৰতৰ আন ৰাজ্যৰ লগতে বিদেশৰ পৰা অহা পৰ্যটক আৰু ভক্তসকলৰ আগত নিজৰ ভাষাটো গৌৰৱেৰে কোৱাৰ পৰা লজ্জাজনকভাৱে আঁতৰি থাকিল কৰ্তৃপক্ষ তথা চৰকাৰ-প্ৰশাসন।

পৰ্যটন উন্নয়নৰ জৰিয়তে ৰাজ্যৰ কলা-সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ কথা কোৱা চৰকাৰৰ ছত্ৰছায়াতেই অসমৰ মূল ভাষাটো শুনাৰ পৰা বঞ্চিত কৰা দেখা গ’ল ৰাজ্যলৈ অহা পৰ্যটকসকলক।

Related News