NORTHEAST NOW (Assamese)
Popular Stories

জঞ্জাল! কেঁচুৱা লৈ পৰীক্ষা গৃহ পালেহি মাতৃ

Posted by: মানস প্ৰতিম গগৈ June 6, 2018 6:54 pm
Sadiya College

তিনিচুকীয়া জিলাৰ শদিয়া মহাবিদ্যালয়ৰ এটি দৃশ্য। বৰ্তমান মহাবিদ্যালয়খনত চলি থকা এক পৰীক্ষাৰ পৰীক্ষা গৃহ আহি ওলাইছেহি এটি ১৫ দিনীয়া শিশু। কিন্তু কি কাৰণত মাত্ৰ ১৫ দিনীয়া এই শিশুটি পৰীক্ষা গৃহলৈ আহিছে?

উল্লেখযোগ্য যে যিসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৫০ শতাংশতকৈ কম নম্বৰ পাইছে তেওঁলোকক পুনৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হবলৈ সুবিধা প্ৰদান কৰি শিক্ষা বিভাগে অনুষ্ঠিত কৰিছে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলৰ বেটাৰ্মেন পৰীক্ষা।

কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে অনুষ্ঠিত এই পৰীক্ষা শদিয়া মহাবিদ্যালয়টো অনুস্থিত হৈছে। উক্ত পৰীক্ষাতে এগৰাকী মাতৃয়ে কৰ্মৰ তাগিদাত নিজৰ ১৫ দিনীয়া শিশুটিক পৰীক্ষা গৃহলৈ লৈ আনিছে।

উল্লেখযোগ্য যে শিশুটিৰ মাতৃ তথা অম্বিকাপুৰ গুৰুকুল জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অৰুনা বৰাই, ঘৰত শিশুটিক চাবলৈ কোনো লোক নথকাত উপায়ন্তৰ হৈ শিশুটিক পৰীক্ষা গৃহলৈ লৈ আনিব লগীয়া হৈছে।

আনহাতে মহিলাগৰাকীয়ে শিশুটিক পৰীক্ষা গৃহলৈ অনাত কেন্দ্ৰটোৰ পৰীক্ষকে আন একো উপাই নাপাই মহাবিদ্যালয়খনৰ কেইগৰাকীমান ছাত্ৰীকে শিশুটিক চাবলৈ দায়িত্ব প্ৰদান কৰে।