NORTHEAST NOW (Assamese)
অসম

জটিল ৰোগত আক্ৰান্ত গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰী মূৰ্চনাৰ চিকিৎসাৰ বাবে আৱশ্যক আপোনাৰ কিছু সহায়

Posted by: কল্পজ্যোতি শইকীয়া April 1, 2018 8:49 pm

গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞানৰ ষষ্ঠ ষান্মষিকত অধ্যয়নৰত এগৰাকী মেধাবী ছাত্ৰী মূৰ্চনা গায়ন। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, তেওঁ বৰ্তমান দুৰাৰোগ্য ৰোগত আক্ৰান্ত।

প্ৰথম অবস্থাত হেপেটাইটিছ এ ৰোগত আক্ৰান্ত মূৰ্চনাৰ অবস্থা ক্ৰমাৎ বেয়াৰ ফালে ঢাল খোৱাত তেওঁক ততাতৈয়াকৈ লৈ যোৱা হৈছিল দিল্লীৰ গুৰগাওঁস্থিত মেডান্টা মেডিচিটী হাস্পতাললৈ। চিকিৎসকে পৰীক্ষা কৰাৰ অন্তত দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ পাকস্থলীৰ ৮০ শতাংশই বিকল হৈ পৰা বুলি জানিবলৈ দিয়ে।

যোৱা ১১ দিন ধৰি গুৰগাঁৱৰ হাস্পতালখনত চিকিৎসাধীন হৈ থকা মূৰ্চনাৰ পাকস্থলী স্থানান্তৰ কৰাৰ  বাবদ তেওঁৰ পৰিয়ালক বৰ্তমান প্ৰয়োজন ৩৫-৪০ লাখ টকা।

এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী মূৰ্চনাৰ পিতৃ পল্লব প্ৰীতম গায়নৰ বাবে নিজ কন্যাৰ চিকিৎসাৰ বাবদ প্ৰয়োজনীয় ইমান বৃহৎ পৰিমানৰ ধন যোগাৰ কৰাটো অসম্ভৱ হৈ পৰিছে।

সেয়েহে তেওঁৰ পৰিয়ালৰ লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলে মূৰ্চনাৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰ তথা ৰাইজক বিনম্ৰভাবে অনুৰোধ জনাইছে।

কোনো ইচ্ছ্যুক ব্যক্তিয়ে তেওঁক সহায়ৰ হাত আগবঢ়াব বিচাৰিলে মুৰ্চনাৰ বেংক একাউন্ট নম্বৰ 80101034022, আই এফ এছ চি ক YESB0CMSNOC আৰু পিতৃ পল্লব প্ৰীতম গায়নৰ একাউন্ট নম্বৰ 20134802797, আই এফ এচ চি কSBIN0004134 ৰ জৰিয়তে সাহায্য প্ৰদান কৰিব পাৰে।