NORTHEAST NOW (Assamese)
অসম

জনজাতি আয়োগৰ মন্তব্যত পুনৰ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত কোচ-ৰাজবংশী সন্মিলনীৰ

Posted by: এন ই নাও নিউজ June 3, 2018 12:20 pm

কোচ-ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱ ৰাষ্ট্ৰীয় জনজাতি আয়োগে এতিয়াও লাভ কৰা নাই বুলি আয়োগৰ অধ্যক্ষ ড০ নন্দ কুমাৰ সায়ে কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কোচ-ৰাজবংশী জনগোষ্ঠীয় সংগঠনসমূহে।

কোচ-ৰাজবংশী জনগোষ্ঠীয় সংগঠন সমূহে তেওঁলোকৰ দাবী পূৰণৰ বাবে তথা চৰকাৰে কৰা প্ৰতাৰণাৰ প্ৰতিবাদত অনাগত দিনত তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলি শনিবাৰে সংবাদ মাধ্যমৰ আগত সংগঠনকেইটাৰ নেতৃবৃন্দই সদৰী কৰিছে।

ইফালে সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায়ে কয় যে কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক শ্বেতপত্ৰ প্ৰকাশ কৰাৰ বাবে সদৌ কোচ-ৰাজবংশী  যুৱ-ছাত্ৰ সন্মিলনীয়ে ১৫ দিনৰ সময়সীমা বান্ধি দিয়াৰ লগতে একেটা  দাবীত অহা ৫ জুনত সংগঠনটোৱে বঙাইগাঁৱত জোঁৰ সমদল উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

লগতে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাই কোচ-ৰাজবংশীৰ জনজাতিকৰণৰ দাবীত ৪ জুনত অৰ্থাৎ কাইলৈ প্ৰতিখন জিলাত ৩ ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে।