NORTHEAST NOW (Assamese)
অসম

জাগুনত ড্ৰাগছ-কানিৰ বেহাৰ বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

Posted by: মানস প্ৰতিম গগৈ August 3, 2018 8:14 pm
AJYCP

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত ভয়াবহ ৰূপ ধাৰণ কৰা ড্ৰাগছ, কানিকে ধৰি নিচাযুক্ত দ্ৰৱ্যৰ অবৈধ ব্যৱসায় বন্ধ কৰাৰ দাবীত আজি জাগুনত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে।

যুৱ-ছাত্ৰ পৰিষদৰ টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ উদ্যোগত শতাধিক প্ৰতিবাদকাৰীয়ে আজি জাগুন কেন্দ্ৰস্থলত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালনেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই নেতৃত্ব দিয়া এই অৱস্থান ধৰ্মঘটৰ পিছত সংগঠনটোৱে তেওঁ‌লোকৰ দাবী সন্মলিত এখন স্মাৰকপত্ৰ মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপটিৰ জৰিয়তে তিনিচুকীয়া জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে। স্মাৰকপত্ৰত তেওঁলোকে কয় যে মাৰ্ঘেৰিটা মহকুমাত বৰবিহ সদৃশ ড্ৰাগছ-কানিয়ে উঠি অহা প্ৰজন্মক ধ্বংস কৰাৰ লগতে ড্ৰাগছ কানি সেৱনৰ ফলত মহকুমাটোত অসামাজিক কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পাইছে।

আনহাতে, এই ড্ৰাগছ-কানিৰ বেহা বন্ধ কৰিবৰ বাবে প্ৰশাসনক বাৰম্বাৰ দাবী জনাই অহা সত্বেও এইক্ষেত্ৰত প্ৰসাশনৰ ফালৰ পৰা কোনো পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই বুলি তেওঁলোকে আক্ষেপ প্ৰকাশ কৰে। মাৰ্ঘেৰিটা মহকুমাত ভয়াবহ ৰূপত বৃদ্ধি পোৱা এই বেহা অনতিপলমে বন্ধ কৰিবলৈ তথা আৰক্ষী প্ৰশাসনক দৃষ্টানমূলক অভিযান চলাবলৈ আহ্বান জনায়, অন্যথা যুৱ-ছাত্ৰ পৰিষদে তিনিচুকীয়াত ব্যাপক আন্দোলনৰ কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে।