NORTHEAST NOW (Assamese)
অসম

দোদুল্যমান পৰিস্থিতিত জাতি-ধৰ্মৰ পৰিচয়, তেজৰ সম্পৰ্কৰ ঊৰ্ধ্বত উঠিল হৃদয়ৰ টান

Posted by: এন ই নাও নিউজ January 6, 2018 10:56 am
Child_Swapping

অলপতে পোহৰলৈ অহা অসমৰ এটা ভিতৰুৱা অঞ্চলত ঘটা এটা অতি বিৰল ঘটনাই ৰাজ্যখনৰ সীমা পাৰ হৈ সমগ্ৰ দেশবাসীৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত অসম মুলুকৰ এই ঘটনাটোৱে এতিয়া বেচ প্ৰচাৰ তথা চৰ্চা লাভ কৰিছে। জাতি-ধৰ্মৰ পৰিচয়ক কেন্দ্ৰ কৰিয়েই গোটেই ভাৰতীয় সমাজ আৱৰ্তিত হৈ থকাৰ সময়তে অসমৰ দৰং জিলাৰ এই ঘটনাটোত দুটা পৰিয়ালে দেখুৱালে জাতি-ধৰ্ম তথা তেজৰ সম্পৰ্কৰ ঊৰ্ধ্বত উঠিব পৰা হৃদয়াকৰ্ষণ তথা মানৱতাৰ অপূৰ্ব নিদৰ্শন। পৰিয়াল দুটাৰ এটা বড়ো আৰু আনটো মুচলমান সম্প্ৰদায়ৰ। ২০১৫ চনত দুয়োটা পৰিয়ালৰ ক্ৰমে শেৱালি আৰু চলমাই একেটা সময়তে একোটিকৈ পুত্ৰ সন্তান জন্ম দিছিল মঙলদৈ অসামৰিক চিকিৎসালয়ত। দিনটো আছিল ১১ মাৰ্চ। চিকিৎসালয় কৰ্তৃপক্ষই যথা নিয়মত দুয়োটা পৰিয়ালকে হাতত তুলি দিছিল তেওঁলোকৰ নিজ নিজ সন্তান।

কিন্তু এইখিনিতে এটা গুৰুতৰ ভুল কৰিছিল কৰ্তব্যৰত নাৰ্চে। দুয়োটা পৰিয়ালৰ কেঁচুৱাকেইটি অসাৱধানবশতঃ সালসলনি হৈ গৈছিল।

এসপ্তাহ মানৰ পিছত চলমাই তেওঁৰ শিক্ষক স্বামী চাহাবুদ্দিনক আপত্তি কৰিলে যে সন্তানটো তাইৰ যেন লগা নাই। কাৰণ কেঁচুৱাটিৰ মুখাৱয়বত আছিল জনজাতীয় চাপ।

চাহাবুদ্দিনে চিকিৎসালয় কৰ্তৃপক্ষক লগ কৰি তেওঁলোকৰ সন্দেহ অৱগত কৰে। কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই সেয়া গুৰুত্ব নিদি তেওঁৰ অভিযোগ নাকচ কৰিলে।

নিৰুপায় চাহাবুদ্দিনে তেওঁৰ পত্নীৰ সৈতে একেটা দিনত চিকিৎসালয়খনত সন্তান জন্ম দিয়া আন মাতৃসকলৰ নাম-ঠিকনা বিচাৰিলে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত। তথ্যত এগৰাকী বড়ো মহিলাৰ নাম পাই তেওঁ সেই পৰিয়ালটোলৈ লিখি এনেকুৱা সালসলনিৰ সম্ভাৱনাৰ কথা অৱগত কৰিলে। তেতিয়া বড়ো পৰিয়ালটোৱে চাহাবুদ্দিনক মাতি পঠালে, কাৰণ তেওঁলোকৰো সন্তানটো ইমান দিনে নিজৰ সৈতে নিমিলা যেন অনুভৱ হৈ আছিল। তেওঁলোকে সন্তান কেইটা মিলাই চাই কথাটোত পতিয়ন গৈছিল যদিও বড়ো মাতৃগৰাকীয়ে এইটো মানি ল’বলৈ অস্বীকাৰ কৰে।

ইয়াৰ পিছত ন্যায় বিচাৰি চাহাবুদ্দিনে আৰক্ষী অধীক্ষকক লগ কৰে আৰু আৰক্ষী অধীক্ষকে এটা গোচৰ ৰুজু কৰে। সেয়া আছিল ২০১৫ চনৰ ডিচেম্বৰৰ কথা। তদন্ত প্ৰক্ৰিয়াৰ অংশ স্বৰূপে ২০১৬ চনৰ এপ্ৰিল মাহত সন্তানকেইটি আৰু মাক-বাপেকৰ ডি এন এ পৰীক্ষা কৰোৱা হয় আৰু যোৱা নৱেম্বৰত ইয়াৰ ফলাফল হাতত পৰে। পৰীক্ষাত এইটো সত্য পোহৰলৈ আহে যে দুয়োটা সন্তান আচলতে ভুলতে সালসলনি হৈছিল।

কিন্তু ইতিমধ্যে বহু সময় পাৰ হৈ গৈছিল। দুয়োটা পৰিয়ালৰ অপত্যস্নেহৰ মাজত সন্তানকেইটি আঢ়ৈ বছৰীয়া হ’ল। মাক দুগৰাকীৰ বুকুৰ পিয়াহ, কোলাৰ মৰম সিহঁতৰ বাবে বিকল্পহীন হৈ পৰিছিল। সত্যটো জনাৰ পিছত দোদুল্যমান পৰিস্থিতিত দুয়োগৰাকী মাতৃয়ে কেঁচুৱাকেইটি সলায়ো চালে। কিন্তু লগে লগে সিহঁতে পূৰ্বৰ মাকক বিচাৰি কান্দিবলৈ ধৰিলে। সিহঁতৰ কান্দোনে মাক দুগৰাকীক তেজৰ সম্পৰ্ক থকা সন্তানটিক এৰি পুনৰ আগতে নিজৰ বুলি জ্ঞান কৰি লোৱা সন্তানটিক তুলি ল’বলৈ বাধ্য কৰিলে।

‘আমি আমাৰ সন্তানটোক এৰি নিদিয়াৰ সিদ্ধান্ত লৈছো। মই ৰাকেশক ডাঙৰ-দীঘল কৰিছো। নিজৰ পিয়াহ খুৱাইছো। তাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিব পাৰিম?’ এইবুলি কয় শেৱালিয়ে। আনহাতে চলমায়ো কয়, ‘আমি দুয়োটা সন্তান সলাই চাইছিলো। কিন্তু সিহঁতে সিহঁতৰ তুলনীয়া মাকক এৰিব নোখোজে। গতিকে আমি আকৌ সিহঁতক সলোৱাৰ কথা নাভাবো।’

অসমৰ এই ঘটনাটোৱে ছ’চিয়েল মিডিয়াকে ধৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চা লাভ কৰিছে।