NORTHEAST NOW (Assamese)
অসম

জাপানত হ’ব লগীয়া এছিয়ান কাৰাটেলৈ নিৰ্বাচিত ভাৰতীয় দলত বৰপেটাৰ নিশাদ আলী

Posted by: পুলেন্দ্ৰ দাস May 5, 2018 7:19 pm
জাপানত হ’ব লগীয়া এছিয়ান কাৰাটেলৈ নিৰ্বাচিত ভাৰতীয় দলত বৰপেটাৰ নিশাদ আলী

জাপানত অহা ১০ মে’ৰ পৰা অনুষ্ঠিত হবলগীয়া জুনিয়ৰ আৰু ২১ বছৰ অনূৰ্ধ্বৰ এচিয়ান কাৰাটে প্ৰতিযোগিতাত বৰপেটাৰ নিশাদ আলীয়ে ভাৰতীয় দলত স্থান লাভ কৰি জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী সকলৰ মাজলৈ আনন্দৰ বন্যা কঢ়িয়াই আনিছে।

ৰাজ্যিক আৰু আন্তঃৰাজ্যিক প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ ইতিমধ্যে কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হোৱা বৰপেটা চহৰৰ আজাদ নগৰৰ হাচমত আলী আৰু নিলুফাৰ বেগমৰ সন্তান নিশাদে জাপানত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত পুনৰ পদক দখল কৰি জিলাখনৰ লগতে দেশলৈ সুনাম কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰিছে অঞ্চলটোৰ ক্ৰীড়া প্ৰেমী ৰাইজে।

উল্লেখযোগ্য যে অহা ১০ মে’ৰ পৰা ১৩ মে’লৈ জাপানৰ অকিনাৱাত অনুষ্ঠিত হবলগীয়া ১৭ সংখ্যক জুনিয়ৰ আৰু ২১ বছৰ অনূৰ্ধ্বৰ এচিয়ান কাৰাটে প্ৰতিযোগিতাত বৰপেটাৰ নিশাদ আলীয়ে জুনিয়ৰৰ (-৭৬ কেজি) শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ভাৰতীয় দলত নিশাদ আলীৰ লগতে যোৰহাট আৰু গুৱাহাটীৰ আন তিনিগৰাকী খেলুৱৈয়েও স্থান লাভ কৰিছে। নিশাদ আলীয়ে উক্ত প্ৰতিযোগিতাৰ বাবে অহা ৭ মে’ত জাপানলৈ ৰাওনা হব।