NORTHEAST NOW (Assamese)

জার্নেলিষ্ট ফৰাম অব আচামৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত গণতন্ত্ৰ দিৱস উদযাপন

January 26, 2018 3:12 pm · কল্পজ্যোতি শইকীয়া
Updated: January 26, 2018 4:34 pm

ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱস উদযাপন হৈ থকাৰ সমান্তৰালকৈ  মহানগৰীৰ আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাবত জাৰ্নেলিষ্ট ফৰাম অব আচামে অতি উলহ-মালহেৰে গণতন্ত্ৰ দিৱস উদযাপন কৰে।

গণতন্ত্ৰ দিৱস উপলক্ষে আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণীতে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছতে সংস্থাৰ সভাপতি ৰূপম বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই অনুষ্ঠানত বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক সকলেও অংশগ্ৰহণ কৰে।

পতাকা উত্তোলন কাৰ্য্যসূচীৰ পিছতে সংস্থাৰ সদস্যসকল মিলি খোজ কাঢ়ি হাতে হাতে পতাকা লৈ এক শোভাযাত্ৰা উলিয়াই। এই শোভাযাত্ৰাতে সংস্থাৰ সদস্য সকলে বন্দে-মাতৰম আৰু ভাৰত মাতা কি জয় ইত্যাদি শ্ল’গান দিয়াৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিশ্ব বিজয় নৱ জোৱান গীতটো পৰিৱেশন কৰে।

অনুষ্ঠানৰ শেষত সাংবাদিকৰ সৈতে মুখা-মুখি হৈ সংস্থাৰ সভাপতি ৰূপম বৰুৱাই কয় যে আলফাই ৰাজ্যত ত্ৰাস চলাই থকাৰ সময়ৰে পৰাই তেওঁলোকে গুৱাহাটী প্ৰেছ ক্লাবত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস পালন কৰি আহিছে।

ৰাষ্ট্ৰযন্ত্ৰ তথা স্বাধীনতা-গণতন্ত্ৰ দিৱসৰ বিৰোধী আলফাই বাৰম্বাৰ তেওঁলোকক ৰক্তাক্ত কৰা হ’ব বুলি সকিয়নী দি আহিছিল যদিও তেওঁলোকে এই সকিয়নীৰ প্ৰত্যাহ্বান জনাই ৰাষ্ট্ৰীয় উৎসৱসমূহ পালন কৰি অহা বুলি সদৰী কৰে। তদুপৰি তেওঁলোককে অনুকৰণ কৰি মহানগৰীৰ চুবুৰীয়ে চুবুৰীয়ে জনসাধাৰণে স্বাধীনতা দিৱস উদযাপন কৰি অহা বুলি মত প্ৰকাশ কৰে।

এই অনুষ্ঠানত বিশিষ্ট নাগৰিক তথা পদ্মশ্ৰী বঁটাপ্ৰাপক অজয় দত্ত, বিশিষ্ট সাংবাদিক নৱ ঠাকুৰীয়াকে ধৰি দ্বীপেন বায়ন, সবিতা লহকৰ, মুকুল কলিতা, প্ৰাঞ্জল মজুমদাৰ, ৰনেন কুমাৰ গোস্বামীৰ লগতে বহুকেইজন ব্যক্তি উপস্থিত থাকে।

 

Related News