NORTHEAST NOW (Assamese)
অসম

জাৰ্মানীত প্ৰশিক্ষণৰত ফুটবলাৰ ‘চন্দনক’ নলবাৰী ক্ৰিড়া সন্থাৰ সম্বৰ্ধনা

Posted by: এন ই নাও নিউজ December 20, 2017 9:43 am

কালি সন্ধিয়া নলবাৰী ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত জাৰ্মানীত প্ৰশিক্ষণৰত অসমৰ একমাত্ৰ শিশু ফুটবলাৰ চন্দন বড়োক বিপুল সম্বৰ্ধনা জনোৱা হয়। চন্দন বড়োক ক্ৰীড়া সন্থাৰ কাৰ্যালয়লৈ আমন্ত্ৰণ কৰি আনি উষ্ম আদৰণি জনোৱাৰ লগতে শৰাই, গামোচা, জাপি, ফুলৰ থোপা  আদিৰে সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা গ্ৰহণ কৰি চন্দন বড়োৱে কয় – মোৰ জন্ম নলবাৰীতে আৰু আমাৰ পূৰণি ঘৰ  কটাহকুছিত আছিল। সম্প্ৰতি ওডালগুৰি জিলাৰ হৰিশিঙাৰ বাসিন্দা নৃপেন বড়ো আৰু বীনা বড়োৰ সুযোগ্য সন্তান চন্দনে বৰ্তমান ষষ্ঠ শ্ৰেণীৰ জাৰ্মানীৰ ছাত্ৰ। বৰ্তমান তেওঁ জাৰ্মানীৰ আই এচ ডি স্কুলত পঢ়ি আছে। টাটা ফুটবল একাডেমীৰ আৰ্থিক সাহাৰ্য্যত প্ৰশিক্ষণ লৈ থকা চন্দনে আৰু পাচঁ বছৰ জাৰ্মানীত প্ৰশিক্ষণৰ বাবে সময় কটাব লাগিব।।

আজি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, বৰ্তমান মই জাৰ্মানীৰ ইউ ড্ৰিম ফুটবল একাডেমীত  ফুটবলৰ প্ৰশিক্ষণ লৈ আছো।  মোৰ প্ৰিয় আন্তৰ্জাতিক খেলুৱৈ নেইমাৰ আৰু প্ৰিয় ক্লাৱ দল হ’ল বাৰ্চিলোনা। প্ৰতিভাসম্পন্ন চন্দনক জনোৱা সম্বৰ্ধনা অনুষ্ঠানত ক্ৰীড়া সন্থাৰ সভাপতি প্ৰদ্যুত ভূঞাৰ লগতে চন্দন হালৈ, ব্ৰজেন চৌধুৰী, ধৰ্মেশ্বৰ হালৈ, সত্যেন শৰ্মা, দিলিপ মেধি, আফুল ৰেফি সহ বিভিন্ন দল -সংগঠনৰ নেতৃত্ব উপস্থিত থাকে ।

নলবাৰী ক্ৰিড়া সন্থাৰ উপৰি জাৰ্মানীত প্ৰশিক্ষণৰত শিশু খেলুৱৈ গৰাকীক ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ তৰফৰ পৰাও সম্বৰ্ধনা জনায় আৰু শুভেচ্ছা জ্ঞাপন কৰে।